Wednesday, August 14, 2013

Uduli Muduli - Zubeen Garg - Lyrics

উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল
কাতিৰ কঙালি
মাঘৰ ভোগালি
ব’হাগী নাচনি হ’ল
জীয়ৰী বোৱাৰী ৰঙতে ৰঙিলি
হাতত জেতুকাৰ বোল
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল

গাওৰ সিমুৰে ডেকা গাভৰুয়ে
পাতিছে বিহুৰ মেলা
ধুলীয়া ওলালে নাচনি নাচিলে
পীৰিতি পীৰিতি খেলা
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল

মৰমৰ দীঘ হেপাহৰ বাণি
শিপিনি গাভৰুজনী
ভমকা ফুলিয়া পীৰিতি বোলিয়া
যাচে বিহুৱান খনি
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল

No comments:

Post a Comment