Wednesday, August 14, 2013

Dusoku - NEB Groove - Lyrics

দুচকুৰ ভাষাৰে কি ক’লা
বুজা নুবুজা, কোৱা নোকোৱা কথাবোৰ
অবুজ মায়াৰে ভৰা
এজাক জোনাককে ক’ম
আমাৰ অনুৰাগী ক্ষণ
গানে গানে সমাহিত
সুৰে সুৰে মুখৰিত

কিয় যে নিগৰে বুকু বাগৰি মোৰ
সপোনৰ দৰে পিয়াসি মন
তোমাৰ হিয়াতে বিচাৰি ফুৰো নিজৰেই স্পন্দন
তোমাৰ উশাহে নিশা নিহাৰিকা
উন্মনা মোৰ মন
দুহাত মেলিবলৈ মন
সীমাহিন পৰি সীমা হৈ
আজীৱন সুবাসিত
প্ৰাণে প্ৰাণে প্ৰবাহিত

নুবুজু সচা মিছা
দুপলক এই সময়
আবেগে বৰষা হৈ যেন নামিব মোৰ কাষত
এজাক জোনাককে ক’ম
আমাৰ অনুৰাগী ক্ষণ
গানে গানে সমাহিত
সুৰে সুৰে মুখৰিত
আজীৱন সুবাসিত
প্ৰাণে প্ৰাণে প্ৰবাহিত

Song: Dusoku
Album: Groove
Artist: NorthEastBreeze (NEB)

To download the track (and the album), please visit this external website

No comments:

Post a Comment