Sunday, January 26, 2014

Aahe Ba Naahe - Zubeen Garg

আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ
থাকে বা নাথাকে শাওণৰে ধল তুমি মৰমৰে নৈ
মৰমৰে নৈ
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ
তুমি ৰোৱা যেন মোলৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিতি শৰতে শৰতে
চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিতি শৰতে শৰতে
নাচে বা নানাচে জোনাকি হৈ
তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

জোৰে বা নোজোৰে বান্ধি লও
কিনো মৰমৰে এনাজৰিকে পাও
জোৰে বা নোজোৰে বান্ধি লও
কিনো মৰমৰে এনাজৰিকে পাও
বহে বা নবহে ফুলতে গৈ
ৰঙিলি পখিলি তুমি ৰঙৰে চৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

Rodor Sithi (Title Track) - Zubeen Garg

আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিয়াহী পৰিছে চিতিকি
আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি

গছৰে ছায়াতে জীৱনে জিৰালে
বিনীময় গচকে জানা দিব টো নেজানে
আজি যে মানুহে প্ৰতি টো খোজতে
হাবাথুৰি খায়ো কিয় নিজকে বিছাৰে
সপি দিয়া নিজকে আনৰ কাৰণে
বৈ যোৱা নদীৰ দৰে লহৰে লহৰে

আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিয়াহী পৰিছে চিতিকি
আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি

Sunday, January 5, 2014

Asha - Zubeen Garg

আশা মোৰ আশা
এখনি সৰৱ নৈ
সেই আশা মোৰ আশা
আহিছে ৰাঙলি হৈ
মোৰ গানৰ
বহু যুগৰ সুখ দুখৰ চিনাকি লৈ

মোৰ গানত আছে অনামিকা মায়া
সপোনৰ সুৰৰ নুবুজা আশা
মোৰ গানে আনে বহুতো প্ৰকাশ
পোৱা নোপোৱা মনৰ জোনাক
জোনাকি মন এটি হৈ
আহিছিলো মৰমৰ বোজা লৈ

মোৰ গানত আছে বৰষাৰ অনল
সেমেকা শীতৰ ৰ’দালি কোমল
মোৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক নতুন দিশা
ক্লান্ত বুকুযুৰি ব’ব
সৃষ্টিৰেই অমল বতাহ