Wednesday, August 14, 2013

Tomar Dusaku (Bhagyadevi Theatre) - Lyrics














এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন ম‌ই তোমাৰ দুচকুত
জীয়া জীয়া মোৰ আশাৰ আকৰ
তোমাৰ দুচকুত

আকাশৰ নীলা ঘেৰি পাও তোমাৰ দুচকুত
ম‌ই যেন হেৰাই যাও তোমাৰ দুচকুত

উজলি জলি কাখৰতে ৰ’লাহি
শোকোলা জোনাক দিলাহি উজাৰি
আছা বিয়পি হিয়াৰে কোহে কোহে
প্ৰতি খোজতে ৰোৱাহি চায়াৰ দৰে
তাৰেই মাজত দেখো নিতৌ
বিলীন ম‌ই আজি তাতেই

এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন ম‌ই তোমাৰ দুচকুত

আকাশৰ নীলা ঘেৰি পাও তোমাৰ দুচকুত
ম‌ই যেন হেৰাই যাও তোমাৰ দুচকুত

সপোন যেন লাগে নীলা নীলা ভাল পোৱা
সামৰি ৰাখো প্ৰতি দিন প্ৰতি নিশা
উঠে শিয়ৰি মন মোৰ অজানিতে
আছে নেকি দুখ সুখৰ সীমনাতে
দিশ হাৰা হৈ মোৰ মনে
চাৱনিতে যুৰ বিচাৰে

এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন ম‌ই তোমাৰ দুচকুত
জীয়া জীয়া মোৰ আশাৰ আকৰ
তোমাৰ দুচকুত

The song is the title track of the play 'DUSAKU' of Bhaigyadevi Theatre (Season 2012-13). The theatre's site can be visited through http://www.theatrebhagyadevi.com/home.html and the song can be viewed here http://www.youtube.com/watch?v=-g_B4wJk2ZM

Singer: Zubeen Garg et al
Composition,Lyrics & Music-Poran Borkatoky.
Guitars-Rupam.
Recorded by Moon.
Studio-Orange.
Mixed and Mastered-Bhupesh.
Studio-Zeero DB.

No comments:

Post a Comment