Wednesday, August 14, 2013

Boxonto - NEB Groove - Lyrics

বসন্তৰ ন কুহিপাতে
ন সাজে প্ৰতি প্ৰভাতে
ৰঙ মনে ডালে ডালে দেহা নচোৱাই
হালি জালি বলিয়া হাৱাই
সুৰ তুলি কিনো গীত গায়
মনে মনে যাও তাকেই গুন গুনাই

মন গহনত বৈ আহে
মিঠা মিঠা অলেখ ভাষা
শিৰে শিৰে বৈ যোৱা
গান গাও আমি প্ৰতি আশাৰ


ৰঙালিৰ এই বতৰত
সবে একলগ হৈ
পাতিলো দুষাৰ মৰমৰ মাত
হাহিৰে পন কৰিলো
আহিলে কাল ধুমুহাও
তৰিম পাৰ আমি ধৰি হাতে হাত

ঋতু আহে বছৰ যায়
শেষ নাই সপোনৰ
বান্ধি ল‌ও যদিহে মন
সাতুৰি পাৰ হম সাগৰ


ৰঙ লৈ সাজো বলা
সেউজ মন সপোন নীলা
বগাকৈ আকি মেঘ কলা
খেলো ৰঙৰ খেলা
তুলিকাত আহা আকি যাও
হাহি কান্দোন নিজেই সজাও
তাতে হিয়াৰ সুবাস সানি
কৰো জীৱন ৰঙীন বলা

নাথাকিব আমাৰ এই দেহ
নাথাকে আমাৰ এই প্ৰাণ
দুটি মিঠা মাতেৰে
গঢো বলা আমাৰ মান

The song can be listened to and downloaded here

Song: Boxonto
Album: Groove
Artist: Northeastbreeze (NEB)

No comments:

Post a Comment