Monday, December 30, 2013

Protidine - Rodor Sithi


প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল - ২
এপাহি হাহি এপাহি দুখ
তাৰেই সজাই তোলো মুখ
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল

আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুৱৰে মন
মনৰ চিলা উৰুৱাই জীৱনে - ২
সোণালী হৈ থাকক তোমাৰে মোৰে সময়
বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময়

হৃদয় কপোৱা গান এটি
পোৱা নোপোৱাৰ সুৰ এটি
তাতেই হেৰাই ছন্দ মোৰ হয়তো বা - ২
তথাপি সপোনৰ সপোনৰে দিঠকত
তোমাক আদৰো সেন্দুৰীয়া বাটত

Sunday, December 8, 2013

Diya Ghurai Diya - Zubeen Garg

দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু
তৰালি সৰা চোতাল
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ আমি আমিয়েই চোন
পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন

আনা ঘূৰাই আনা
ধৰা নিভাজ হিয়াৰ
শেৱালি পাহিত দুভৰি থুনুক থানাক
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ অমি অমিয়েই চোন
পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন

ক খ গ ঘ আৰু ঙ
পাটীগণিত আৰু কুহিপাঠ
পঢ়ালা পঢ়ি আছো
শিকালা শিকি আছো
এতিয়া কিয় দিয়া মৰণ আঘাত
বুৰন্জীৰে পাত লুতিয়ালে
আমাৰ মৰমে দিব সকীয়াই
যদিহে আমাৰ অস্তিত্ব নাই
তেনে বুৰন্জী কোনেও নাচায়

Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun

That's it
Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun

Alakananda - Zubeen Garg

অলকানন্দা ওঠৰ হাহি যেন ৰজনীগন্ধা ফুলৰ পাহি
অৰুনিমা হৈ আকাশতে যেন আকিলাহি ৰং প্ৰভাততে
অচিনা নদিৰ সোতে সোতে বৈ
অচিনা নদিৰ সোতে সোতে বৈ
আহিলা কাষলে
অলকানন্দা ওঠৰ হাহি যেন ৰজনীগন্ধা ফুলৰ পাহি

মোৰ জোনাকৰে চিনাকি ছায়াতে তুমি যে আচিলা ৰৈ
যেন শৰততে শেৱালি বুটলি আপোন পাহৰা হৈ
কিনো মোহনিয়া লাজুকি নয়না
মৰম তোমাৰ যুগমীয়া

মৌন সময়ত আছিলো নীৰলে মাথো তোমাকে ভাবি
কিয় তুমি আহি জ্বলালা অগ্নি নীৰৱতা মোৰ ভাঙি
হৈ প্ৰজাপতি মন পদুলিতে
উলাহতে পাখি মেলি

Saturday, November 23, 2013

Koliya Meghe - Abhimani Man - Zubeen Garg

কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ
অভিমানী মন গুছাবলৈ
কি জানো কৰো ক’বানে ঐ
আলেঙে আলেঙে নিবিছাৰো
অনবৰত প্ৰীতিৰে ধৰো

হিয়াৰে ভৰালত মৰম শালিধান
ডুলিয়ে ডুলিকৈ লৈয়ে যাবা জান
আকুলতাত দিয়াহি মোক এষাৰি মাতে
ঐ মোলৈ নোচোৱা নে

কাষত ৰ’লেও আজি দুৰে দুৰে যেন পাও
ভুল ক’ত কি বাৰু বিছাৰি নাপাও
ভালপোৱা বোৰে কয় ম‍ই তোমাৰে
ঐ জনমে জনমে 

Friday, November 22, 2013

Dekha Diya - Nixongo Mon

মনে মাথো বিচাৰি ফুৰে আজীৱন তোমাকেই
উচুপনি শুনিছো অন্তৰত উকা পদুলিত আজি ম‍ই
চাই থাকো সোধো দিগন্তলৈ হাবিয়াসেৰে
জানিবা দেখা পাও তোমাক ম‍ই এই জন অৰণ্য়ত
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক

আজি মোৰ মন বননি ফাগুনৰে পলৰ
আহিব নে বৰষা পুনৰ জীপাল হ’বলে
লাহে লাহে যাবলে খুজা মোৰ এই ক্ষ্য়ণবোৰ
আজুৰি কাঢ়ি আনিমেই অতীতৰ মুঠিৰ পৰা
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক

মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক

Mitha Mitha Kathare - Zubeen Garg

মিঠা মিঠা কথাৰে মন ভোলালি
লাহে লাহে আহি মোৰ আপোন হ’লি ঐ
সপোনা]ৰ কাৰেঙত আছ যে উমলি
ত‍ই ন’হলে আজি একোৱেই ভাল নালাগে মোৰ
মিঠা মিঠা কথাৰে মন ভোলালি
লাহে লাহে আহি মোৰ আপোন হ’লি ঐ

অ’ লৈ যা লৈ যা মোকো লগতে লৈ যা
ত‍ই নাথাকিলে আজি ম‍ই আধৰুৱা
আপোন মোৰ কলিজা তোৰে ঐ পদুলিত
এৰি থৈ আহিছো কোনেও নেদেখাকৈ
বুটলি ৰাখি থ নিজৰ কৰি সাৱতি ল

কপাহি কোমল তোৰ আঙুলিৰ বোল
দে আহি বুলাই দেহা শাত পৰি ৰওক মোৰ
হেপাহো নপলাই চায়েই থাকিম যেন তোক
এনে লাগে কিয় দি দিও মোৰ সকলো
তোকে ঐ উজাৰি নাথাকক একো বাকি মোৰ
মিঠা মিঠা কথাৰে মন ভোলালি
লাহে লাহে আহি মোৰ আপোন হ’লি ঐ

Thursday, November 21, 2013

Anamika - Zubeen Garg

হাহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেও মন নভৰে
বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা
মৰমৰ বৰষাৰে অনামিকা
কলিজা ৰঙা কৰি উজলি আছা

বহুদিনৰে পৰা নিশা জাগি
সাচিছো যে তোমালৈ মন মাধুৰী
উথলি উঠা মৰমে
গোপনে হিয়া আৱৰে
বেদনাৰ আকাশ ভাঙি
মন কিয় যে নভৰে
কোৱা না অনামিকা
কলিজা ৰঙা কৰি উজলি আছা

সোণ সৰা সপোনৰ পাৰ ভাঙি
অসীমলৈ আনিলা তুমি আহি
কত যে দুখৰ ধুমুহা পাৰ হৈ আহি আহি
সেউজীয়া এটি ছবি মনৰ কাষতে আকি
ৰৈ আছো অনামিকা
কলিজা ৰঙা কৰি উজলি আছা

Mon Jai - Zubeen Garg

মন যায় মোৰো মন যায়
মন যায় মোৰো মন যায়
চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰ পাবলে
কাষে কাষে খোজ দিবলে
মন যায় মোৰো মন যায়
চকুত চকু থ’ব মন যায়

তোমাক দেখা পালে সপোন জাগি উঠে
বুকুখনি হয় তাজমহল
মন নদি হৈ মৰম সুতি বয়
ধৌ বোৰ তাত হয় সাথৰ
সন্মুখত যেতিয়া তোমাক দেখো
যাযাবৰ অভিমান মুঠিতে ৰাখো
মন যায় মন যায় মন যায়

টুকুৰা টুকুৰা ভাঙি গুৰি হোৱা
মন তোক কিদৰে যোৰা দিও
খেলি মেলি বোৰে ধুই শেতা কৰা
বুকুৰ কিহৰে নো ৰং সানো
বেদনা বেদনা মোৰ ভাল পোৱা
তোমাক হেৰুৱাই পাথৰ হিয়া
মন যায় মন যায় মন যায়

সুখি হৈয়ে ৰোৱা ম‍ই অবিহনে
এইয়া মোৰ সুভকামনা
লাহে লাহে আতৰাই আনি ল’লো
ম‍ই মোক তোমাৰ পৰা
কিনো হ’ল সপোন সপোনেই ৰ’ল
সাধনা আজি যে আধৰুৱা হ’ল
মন যায় মন যায় মন যায় 

Sonali Mon - Zubeen Garg

সোণালী মনৰ মালিকণী
সোণালী সপোন দিয়া আনি
চুটি চুটি খোজ দি লাহে লাহে আহিছা
কাজলে মেৰা দুচকু লাজেৰে তুলিছা
ধপ ধপ কৰে বুকু মোৰ
জ্বলে মন মোৰ কৰাহি যুৰ
প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ

তোমাৰ ভাৱনাই বুকুত ভীৰ লগায়
মোৰ দিন ৰাতিৰ চিন চাব নাই
ফাগুনে জিৰোৱা মদাৰ ফুলেও তোমাৰ ছবিকে দেখায়
ধপ ধপ কৰে বুকু মোৰ
জ্বলে মন মোৰ কৰাহি যুৰ
প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ

পথাৰ উপচা যেন শালিদৰা
মোৰ মৰম তোমালৈ অযুত
যৌৱনে বিছাৰে তোমাকে পাবলৈ তোমাক নিচেই কাষত
ধপ ধপ কৰে বুকু মোৰ
জ্বলে মন মোৰ কৰাহি যুৰ
প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ

Wednesday, November 13, 2013

Anuradha - Zubeen Garg

যুগে যুগে প্ৰতি খোজে তোমাতেই ম‍ই হ’ম বিলীন
এন্ধাৰৰে চুকে চুকে আছো ম‍ই তোমাতেই লীন
অনুৰাধা অনুৰাধা

সময়ৰে খাজে খাজে বৈ আহে ৰাতি দিন
হৃদয়ৰে সীমনাতে অশ্ৰু নিগৰা বীণ
অনুৰাধা অনুৰাধা

চকুয়েদি বৈ আহে নিদ্ৰাহিন কবিতা
এন্ধাৰতো জ্বলি মৰে নজলোৱা শলিতা
সপোনৰো শেষ আছে শেষ নহয় হতাশা
জ্বলি জ্বলি জ্বলে মাথো
হেৰুৱালো ওঠৰ ভাষা
অনুৰাধা অনুৰাধা

চকুৰে নৈ বৈ বৈ
বৈ আহে নিৰৱতা
সুখে দুখে জীৱনে দি যায় নীৰ ব্য়াকুলতা
জীৱনৰো শেষ আছে শেষ নহয় জিজ্ঞ্য়াসা
মৃত্য়ুয়ে চুমা যাচে
চুমাতেই যেন প্ৰত্য়াষা
অনুৰাধা অনুৰাধা

Tuesday, November 12, 2013

Duparare Rodali - Zublee

দুপৰৰে ৰ’দালি ক’ৰে বাতৰি আনা
কপোৱা জানা মোৰ হিয়া
সাগৰৰে ধৌৱেও পাৰৰ বালিচৰকে চুমি জনালে ভালপোৱা
গোধুলি হ’বলে দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক দুবিব দিয়া

সপোন জাকে তোমাক পোৱাৰ আশাৰে দুহাত মেলে
বাখৰ বাখৰ তোমাৰ চকুত মায়ায়ে আবিৰ সানে
নিশাবোৰ আপোন বাটতে হয় যেন উশাহৰে নৈ
গোধুলি হ’বলে দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক দুবিব দিয়া

ডোখৰ ডোখৰ মৰম বোৰে নিশাবোৰ সপোন কৰে
শীতৰ উমাল পৰশবোৰে ক্ষ্য়ণবোৰ জীপাল কৰে
তোমাৰ চেনেহ আদৰেৰে ধৌসাহ যে ৰঙৰে নৌ চৈ
গোধুলি হ’বলে দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক দুবিব দিয়া

Pakhitei Pakhi Logai - Zubeen Garg

পাখিতেই পাখি লগাই উৰিবলে মন
দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন
এথৰ দুথৰ মোৰ হেপাহৰ
মুঠি এমুঠি তোমাৰ আদৰৰ
তাতেই নাচি ৰ’ব দুই জোনাকি মন

কোন অমানিশা কোনোবা এন্ধাৰে
আগচিব খুজিলে মোক অজানিতে
তোমাৰে ভাৱনাৰ চাকিতি চৌপাখে মোৰ জ্বলেহি
ইটো সিটো কৈ বহুটো আশা
তোমাৰ সহাৰিতে জিৰাব খোজা
তাতেই বাকি দিয়া এফেৰি মৰম

দেই পুৰি নিয়া মোৰো সীমনা
ৰৈ আছো জানানে তোমাৰে ভৰষাত
নোৱাৰো এখোজো দিবলে
অকলসৰে ম‍ই অকলে
আহোতে আহা সপোন এটি হৈ
যাও বুলি গ’লে বুকু ভাঙে ঐ
নেলাগে নেলাগে বেলেগে মৰম

Jaboloi Khojote - Zubeen Garg

যাবলৈ খোজোতেই থ’মকিব দুভৰি
ডাৱৰৰ আৰতে নতুনৰ ৰ’দালি
চিনাকি চিনাকি দুদিনৰ চিনাকি
আতৰি গ’লেগৈ হ’ব যে অচিনাকি
যাবলৈ নিদিবা ৰাখিবা ধৰি
যাবলৈ খোজোতেই থমকিব দুভৰি
ডাৱৰৰ আৰতে নতুনৰ ৰ’দালি

কোনে বাৰু মোক মৰম দিলে
উকা হিয়া মোৰ ভৰাই থলে
ইমান দিনে আছিলে অকলে
আপোন বুলি মোক ভাবিলে কোনে
দিব পাৰে মোক মৰম কিজানি
তাকেই ভাবি ম‍ই ললো সাৱতি
যাবলৈ নিদিবা কাষৰতে ৰাখিবা
আপোন বুলি তুমি যাকেই ভাবি ল’লা
আতৰি গ’লেগৈ উভতি নাহে

মৰম জৰি যেতিয়া চিঙে
কোমল কলিজা উচুপি কান্দে
আপোন বুলি ভাবো ম‍ই যাকে
তেৱেই আহি মোৰ হিয়া ভাঙে
দিব খুজিও দিব নোৱাৰো
গোপনে মৰম সাৱতি ৰাখো
ফুলিব খোজোতে মোহাৰি নেপেলাবা
হাহিব খোজোতেই আহি দুখ নিদিবা
যাবলৈ নিদিবা ৰাখিবা ধৰি

Monday, November 4, 2013

Pratham Marame Jodi - Samar Hazarika

প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভাল পোৱা কিয় জানো মৰহি যায়
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূৰ্ণতা পায়
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়

যৌৱন প্ৰভাত বেলাতে
তোমাক দেখিছিলো হঠাতে
প্ৰথম চাৱনিতে কিযে হ’ল
তুমি জানো গমকে পোৱা নাই
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়...

শৈশৱে গৈ গৈ সুৰ আহিল
হৈ সুৰ গৈ যৌৱন আহিল
যৌৱনে আমনি নকৰা হ’লে
নেচালো হেতেন তোমাৰ ফালে
ই নহয় নহয় মাথো কামনা
এই মোৰ জীৱনৰ সাধনা
আজীৱন তুমি ম‍ই সুখী হ’ম
তুমি জানো বুজিকে পোৱা নাই
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়...

Friday, November 1, 2013

Dusokure Nilare - Mukha - Zubeen Garg

দুচকুৰে নীলাৰে মাজতে ম‍ই আছোনে
তৰা জ্বলা আকাশত নিহাৰিকা ম‍ই নে
ভাৱৰ দাৱৰে তোমাৰ আৱৰেহি মোক প্ৰতিটো প্ৰহৰ

দুচকুৰে নীলাৰে মাজতে তুমি
তৰা জ্বলা আকাশত নিহাৰিকা তুমি
তোমাৰ চকুৰ পোহৰ বিজুলি হৈ চুমেহি মোক

মোৰ পৃথিৱী যেন চিৰ নতুন তুমি এষাৰ মাতিলে
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই

দোলনি দিলে বুকুতে সেউজীয়া হাহিয়ে
এই হাহি চিৰদিনৰ
প্ৰাণ পালে হেপাহে তোমাৰ উশাহে উশাহে
এই হেপাহ চিৰকালৰ
তোমাৰ হাহিৰে ভৰে প্ৰতিটো পুৱা প্ৰতিটো নিশা
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই
তৰা জ্বলা আকাশত নিহাৰিকা তুমি ম‍ই

সুন্দৰৰে ৰূপতে মৰমে আহি নামিলে
এই মৰম মোৰ প্ৰাণৰ
সাৰ পালে শবদে নিৰৱে থাকি হঠাতে
এই শবদ মোৰ গানৰ
তোমাৰ বুকু নিগৰি নিগৰি নামে ৰূপহি ফাগুন
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই
তৰা জ্বলা আকাশত নিহাৰিকা তুমি ম‍ই

Friday, October 25, 2013

I Love You Buli Kolu Moi - Jantra - Zubeen Garg

আই লাভ ইউ বুলি কলো ম‍ই
তুমি চাগে নুহুনিলা
কঠিন শিলৰ হৄদয় তোমাৰ সচাকে জানা
আই নিড ইউ বুলি কলো ম‍ই
তুমি চাগে নুবুজিলা
বলিয়া যৌৱনৰ চাকি নুমাল হঠাতে জানা

তিনিআলিতে লগ পোৱা
দুটি মিঠা কথা
কাজল কাজল কাজল
চকুত সপোন দেখা
চাইকেলত টিউচন যোৱা
পিছে পিছে ম‍ই যোৱা
বেকাকৈ তুমি চোৱা
তোমালৈ ম‍ই চোৱা
তুমি চাগে পাহৰিলা
বুকুতে যে ন’ৰলা
তুমি চাগে নুবুজিলা
বুকুতে যে ন’থলা
বুকু আজি উদাস উদাস
উদাস উদাস উদং

কলেজৰ কেন্টিনত গজা আৰু চাহ খোৱা
সকলোৱে জোকোৱা আছিল জানো মিচা
ৰাতি ৰাতি অকলে
তোমাক লৈ নিৰলে
গুপুতে সপোন গোথা
আজি দেখো মিচা
তুমি চাগে পাহৰিলা
বুকুতে যে ন’ৰলা
তুমি চাগে নুবুজিলা
বুকুতে যে ন’থলা
বুকু আজি উদাস উদাস
উদাস উদাস উদং

Jantra - Zubeen Garg

ৰাতিপুৱা সুই উঠি
যাবৰে যে হয় স্কুললৈ
গধুৰ গধুৰ পঢ়াৰ বোজা
কঢ়িয়াওতে যায় দিন দুৰলৈ
স্কুলৰ শেষত টিউচন কৰি
ঘুৰি আহি একো নাপাও বিছাৰি
হোমৱৰ্ক কৰি ভাগৰি
বিচনাৰ কোলাকেই লও সামৰি
আমি যেন যন্ত্ৰ
যন্ত্ৰ
একো একোটা যন্ত্ৰ
যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
যন্ত্ৰ
একো একোটা যন্ত্ৰ
যন্ত্ৰ

ৰাতিপুৱা সুই উঠি
চাহত সোহা মাৰি, পেপাৰ পঢ়ি
একেই খবৰ একেই চবি
একেই মৰা মৰি, ঠগা ঠগি
ন বজাত গা ধুই উঠি
পেট পুজা কৰি কাপোৰ পিন্ধি
অফিচ কৰি, দিনটো খাতি
আবেলি ঘুৰি আহো চুচৰি
আমি যেন যন্ত্ৰ...

ৰাতিপুৱা সুই উঠি
বাগানত মৰ্ণিং ৱক, হাতত কফি
এ চি গাড়ী, বিজনেচ কৰি
দুটামান চহি মাৰি হও চহকি
হয় গধুলি ক্লাবৰ সময়
হাতত হ্ৱিস্কি কাষত লোকৰ ঘৈণি
ৰঙা নীলা ৰঙৰ পোহৰ
ধলং পলং হৈ ঘৰ উভতি
আমি যেন যন্ত্ৰ...

ৰতিপুৱা সুই উঠি
হাত ধৰা ধৰি বুঢ়া বুঢ়ি
মাতিবলে কাৰো সময় নাই
চাহ টুপিলৈ থাকো আশ পালি
বুঢ়া বুঢ়িৰ বুজাবুজি
জীৱন যোৰা মৰম থাকো সাবতি
মায়া এৰি মোহ এৰি
এৰি অহা দিনৰ স্মৄতি সোৱৰি
আমি যেন যন্ত্ৰ

Khiriki Melote - Rumal - Zubeen Garg

খিৰিকি মেলোতেই চকুৰ পচাৰত
দেখিলো তোমাকে বেলিৰ পোহৰত
বিজুলি বিজুলি চকুৰ আঘাতত
বলিয়া হ’লো ম‍ই প্ৰেমৰ জোৱাৰত
জিয়াই জিয়াই মাৰিলা
হায় হায় হায় মাৰি দিলা
হায় হাই হায় কিনো লীলা
হায় হায় হায় কি কৰিলা
হায় হায় হায় খুলি খালা

পদুলি মূৰতে আবেলি আবেলি
কাৰ বাবে নো বাটে চোৱা
চোতাল সাৰোতে সকুৰ পাকেৰে
কিহৰ ইচাৰা দিয়া কোৱা
ভাবি ভাবি মোৰ পকিলে যে চুলি
সোনকালে মোক কোৱা খুলি
বুজি চোৱা মোক নকৰা ধেমালি
ন’হলে মৰিলো এবেলি
হায় হায় হায় মাৰি দিলা
হায় হাই হায় কিনো লীলা
হায় হায় হায় কি কৰিলা
হায় হায় হায় খুলি খালা

নদিৰ পাৰৰে পানচৈ ঘাটতে
একেলগে বহি সাধু সুনা
মাঘৰে মেজিতে হাত সেকি সেকি
কত ৰাতি গ’ল ভাবি চোৱা
নাহে জানো উৰি একোকে মনলে
কিয় নো পাহৰিলা তুমি কোৱা
দিহিঙে দিপাঙে তোমাকে বিছাৰি
মনে বিনাই আছে চোৱা
হায় হায় হায় মাৰি দিলা
হায় হাই হায় কিনো লীলা
হায় হায় হায় কি কৰিলা
হায় হায় হায় খুলি খালা

Wednesday, October 23, 2013

Manar Nijanat - Zubeen Garg

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ
হঠাতে সুকালে পোহৰৰ ফুলনি
নিলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰা

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

হৃদয়ে আবেগক নোৱাৰে সহিব
চকুলো বাগৰে নিৰৱে
কিমান সাৱতিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱাই
দুখৰ তৰা হৈ
নাচাবা চকুলে মোৰ
ওৰে নিশা
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

জীৱন সুৰভি তোমাৰ মাজতে
আছিলে অকলে নিৰৱে
সচা প্ৰেমৰো উশাহ আছিলে
অকলশৰিয়া বুকুতে
মৰুভুৰ মায়া হৈ
নাহিবা বুকুলে মোৰ
মিচাকৈয়ে
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

Saturday, October 12, 2013

Pratham Dekhatei - Jitul Sonowal

প্ৰথম দেখাতেই ভাবিছিলো বহু কথা
ক’ম বুলি
ন’হল কোৱা
আজিও ন’হল কোৱা
এতিয়া যাবৰ হ’ল আপোন ঘৰলৈ
দুৰলৈ দুৰলৈ দুৰলৈ

পাও যদি কেতিয়াবা চিনাকি ঘাটত
ম‍ইতো নুফুলো আৰু তোমাৰ বনত
তোমাৰো যে নাথাকিব উৰণিয়া মন
মন মোৰ থাকি যাব সপোন ঘাটত
এতিয়া যোৱাগৈ আপোন ঘৰলৈ
দুৰলৈ দুৰলৈ দুৰলৈ

মনত পৰিবনে সোণালি দিনৰ
এটি দুটি বহু কথা নিজান পৰৰ
তোমাক যে পাইছিলো অচিন ঘাটত
দিছিলো যে থাই মোৰ হিয়াৰ মাজত
এতিয়া যোৱাগৈ আপোন ঘৰলৈ
দুৰলৈ দুৰলৈ দুৰলৈ

Sadiya - Zubeen Garg

বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলি ৰঙদৈৰ আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ সুনাহি
শদিয়া সাৱতি ঘুৰা লুইতৰ পাৰত
সময়ে থৈছিল লিখি
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি

ৰঙদৈ আছিলি মাচুৱৈ, লুইতৰ পাৰৰে ডেকা ত‍ই
চ’ৰাকৈ জাতৰে ৰাঙলিক হিয়াখন উজাৰি দিলি
মিলনৰ শতৰু এই সমাজে মিলিবলে নিদিছিলে এই মাতিতে
আপুনি চিতাতে জলিছিল ৰঙদৈ, ৰাঙলিক লুইতৰ কৰি থৈ
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি

সেয়া দূৰ কোনোবা পুৰণি ইতিহাসৰ পাত লুতিয়াও
প্ৰেমৰ অনুপম উপমা দেখি আৱেগত উজুতি খাও
হয়তো আকাশে ঠাই দিছে, সৰগত দুয়োটাৰ মন মিলিছে
আহিলে আহা মোৰ সৈতে শদিয়ালৈ যাও
ৰঙদৈ ৰাঙলিৰ সমাধি চাও
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলি ৰঙদৈৰ আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ সুনাহি

Tuesday, September 17, 2013

Tumi Janane - Zubeen Garg & Zublee

তুমি জানানে সাগৰ গভীৰ কিমান
মোৰ মৰমৰ গভীৰতা ও সিমান

তুমি জানানে আকাশ বিশাল কিমান
মোৰ মৰমৰ বিশালতা ও সিমান

এতিয়া মোৰ চৌপাশে তোমাৰ সুৰৰ গুনগুননি

এতিয়া মোৰ সকলোতে মাথো তুমিয়েই তুমি

তুমি জানানে কিমান আপোন তুমি
তুমি জানানে কিমান আপোন তুমি...

যেন সৰগ ঢুকি পাও ম‍ই এই মৰতত
যেতিয়া তুমি আহি ৰোৱাহি মোৰ কাষত

দুবাহুত সাৱতি ৰাখা মোক তোমাৰ
তুমি অহাৰ পৰাই মোৰ জীৱন সলনি

সাতোৰঙি ৰামধেনুতকৈও ৰঙীন তুমি

তুমি জানানে কিমান আপোন তুমি...

প্ৰতিটো উশাহত মোৰ এতিয়া তোমাৰ অনুভৱ
তোমাৰ মৰমৰ কোলাতেই ল’ম জিৰণি ভাগৰৰ

দুইও মিলি হ’ম এতিয়া আহা এই ক্ষ্যণত
সপোন সপোন লাগে প্ৰতি পল আজি

তুমি অহাৰ পৰাই জীৱন সলনি
তুমি জানানে কিমান আপোন তুমি

Thursday, August 15, 2013

Aasilo Koteno Lukaai - Zubeen Garg

F:
আছিলো ক’তেনো লুকাই
এটি চোন সজাতে সোমাই
পোৱা নাছিলো এনে শিহৰণ
বেলিতি ক’তেনু লুকাই
পোহৰ কিদৰে যে বিলাই
এচাতি শিতৰে ৰৈ সোৱৰণ

M:
মলয়া তোমাৰে নামত বলিছে চোৱা চৌদিশে
তোমাৰেইটো এই আকাশ
গোলাপত তোমাৰেইটো ৰং
প্ৰকৃতিত তোমাৰেই বৰণ
তুমিয়েইটো তাজমহল

F:
কোমল মাটিত খোজ পেলাই
ব’তাহৰ স’তে গতি মিলাই
এনে লাগিছে যেন আজি সকলো দুবাহুত

M:
তোমাৰ খোজৰ পৰশ পাই
জীপাল ধৰা উঠলি যায়
আছো আমি সৰগৰ মাজত যেন

F:
অতিন চিত কাষতে
আছিল কাৰ হাততে
বিছাৰি বিছাৰি খালো যে হাবাথুৰি

M:
তোমাৰ কাষত কাষত ম‍ই
সকলো চোন বিছাৰি পাও
হিয়াতকৈও তোমাক ভাল পাও

Nishaa Tuponi - Zubeen Garg

নিশা টোপনি নাহিলে মোৰ
নিচুকনি গাই কোনেনো বাৰু
তাহানি মোক থৈছিল শুৱায়

ঘৰলৈ উভতি আহোতে হয় যদি গধুলি
বাট ঘৰ কৰি কোনে চাই ওলায় পদুলি
আকুল অধিৰ তেও যে মোৰ চেনেহি আই
নিশা টোপনি নাহিলে মোৰ...

মৰম চেনেহে কোনেনো হৃদয় উজাৰি
ছায়াৰ দৰে ওৰে জীৱন ৰাখিলে আৱৰি
চিনি পাও ম‍ই তেও যে মোৰ চেনেহি আই
নিশা টোপনি নাহিলে মোৰ... 

Wednesday, August 14, 2013

Ritu - Nixongo Mon

ঋতু আহে ঋতু যায়
সৃষ্টিৰ কেনে নিয়ম
ব’হাগতে আকৌ আহে
ধৰালৈ ন ৰহণ
কুলি কেতেকিয়ে কিয়নো বিনালে
বিচাৰি ফুৰে চাগে আপোনজনকে

দেখিলো সিদিনা চকুৰ পলকতে
কিজানি আহিলে তাই আকৌ অকলে
কেতেকিৰ দৰে আজি হিয়া কিয় বিনালে
কোনেনো বুজিব হিয়াৰে বেদনা
দুগালৰ লহৰে আকৌ আনে দুখৰ নৈ

যাযাবৰ জীৱনৰ মুক্ত বিহংগ
নাপালো বিচাৰি কাৰোৰে সংগ
কিয় কৰা হাহাকাৰ, স্বপ্নভংগ
কেনেকৈ নো বুজাম যে নিয়তিৰ পৰিহৰ

Tumi Suwa Jetia - Zubeen Garg

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে
তুমি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজত দিগন্ত
সৃষ্টিৰ অপৰুপ অনন্ত

মেঘালি চুলি তাৰিত
ধৌ খেলে ৰ’দ দাৰি
হাহিত মিচিকনি
সোনাৰুৰ পাহি
সজল সজল চাৱনিত
ত’ৰাৰে জিলিকনি
সেন্দুৰিয়া ওঠতে
ক’থাৰে নিচুকনি
বুকুৰ মাজত দেখো জাগে সপোন
চকুৰ পতাত আকি তোমাক চিকুন
তোমাৰ মৰমত জ্বলি ৰ’ম সকলো হেৰুৱাই

পুৱা দুচকু মেলি
এপল দুপলা বেলি
নিজম নিজম গধুলি
তোমাকেই আশা পালি
নিয়ৰ সনা শেৱালি
ধৰি আছে পদুলি
তুমি গৰকি গ’লেই
সিও হ’ব সোনালী
এখোজ দুখোজ তুমি নিচেই কাষত
উলাহে নধৰা হাহি বুকুৰ মাজত
এতিয়া দুৰ আকাশ পৰে হি দুবাহুত পিচলি

Tumi Dusokut Kajol Lole - Zubeen Garg

তুমি দুচকুতে কাজল ল’লে
তুমি দুবাহুতে দুবাহু থ’লে
পিৰীতি শীৰে শীৰে
নামিছে ধীৰে ধীৰে
লগালা দেহে মনে জীয়া জীয়া জুই

সামৰি সামৰি থোৱা কেচা মৰম
যাচিবলৈ নো মন যায়
বাগৰি বাগৰি পৰিছো ভাগৰি
হিয়াত কোনে দিব ঠাই
আছাহি বুকুতে ৰৈ
গুপুতে জিৰনি লৈ

জোকাৰি জোকাৰি যোৱা চুলি তাৰি
ম‍ইও সপোন দেখা পাও
সোনাৰু সোনাৰু ফুলা হাহিটিত
উলাহে উটি ভাহি যাও
আছাহি গুপুতে ৰৈ
বুকুত জিৰনি লৈ

Manat Sopun Ketia Jaage - Zubeen Garg

মনত সপোন কেতিয়া জাগে
মনত ফাগুন কেতিয়া নামে
জানানে কোনেও নাজানে
হেপাহত উপঙা নতুন আশাবোৰে
সপোনক ৰিঙিয়াই মাতে

সাৱতি সাৱতি বুকুৰ মাজত
আইয়ে কোৱা কথা
ফুটু নুফুটু মুখৰ মাতত
আছিল হেনো আশা
ল’ৰালিত উমলা থুনুক থানাক খোজে
সৰগী সপোন সাৱতে

পোনপটিয়া জীৱন বাটত
কত খলা বমা
সময় আৰু পৰিষ্টিতিৰ নিৰৱ নৱ খেলা
তথাপি যৌৱনৰ মিঠা সুবাশবোৰে
প্ৰেৰণাৰ দলিচা পাৰে

Agoli Bahore Gagana Bojao - Zubeen Garg

আগলি বাহৰে গগনা বজাও
মাতে লাহৰি লাহৰি কৈ
দেখিবৰ পৰা তোমাকে চাও
চকু নাযায় আন কালৈ
লগৰী বোলো নে কোৱা না
ঘুমতিৰ বেলাতে চিকুনি সপোনে
তোমাক আনি বুকুতে থয়

ফুতুকিয়া সেই ফ্ৰক চোলাটোৰে
তোমাক পাইছিলো ল’ৰালিত
ফলি কিতাপ লৈ বহিছিলা সোণ
পাঠশালাৰ বাকৰিত
হেচুকি থৈ যায় অতীতে
হাতে বাউলি সোৱৰণে মাতে
মন টো যায় মাথো গাওলৈ

চতিয়না জোপা একেই আছেনে
তোমাৰ নঙলামুখতে
দুইওৰে শৈশৱ লগতে ৰাখি থৈ
কুক ভা এতিয়াও খেলানে
নৈ পৰিয়াবা ৰুণঝুন
উভতি আহিছো আপোন গাওলৈ
আছা হ’বলা বাট চাই

Jonake Bisare Ki - Angarag Mahanta

জোনাকে বিচাৰে কি
ফাগুনী বতাহে সোৱৰাই কি
তোমাকে তোমাকে তোমাকে তোমাকে
তোমাকে তোমাকে তোমাকে তোমাকে
জোনাকে বিচাৰে কি

দোকমোকালি পুৱা কুলিৰ বিননি
বেদনাই আহি দুচকু তিয়ায়
ডাৱৰে আৱৰে সপোন মোৰ
বতাহে নিলে উৰুৱাই
জোনাকে বিচাৰে কি...

জোনাকৰ ৰাতি তিৰবিৰ তৰাই
কিনো মায়া সানে দুচকু জুৰি
মন মোৰ উৰি যায় দুৰণিলৈ
আপোন গাঁওৰ পদুলিলৈ

ফাগুনী বতাহে সোৱৰাই কি
তোমাকে তোমাকে তোমাকে তোমাকে
জোনাকে বিচাৰে কি...

Puwar Hahit - Jetuka Paator Dore - Zubeen Garg

Puwar Hahit - Jetuka Paator Dore



















To listen to this beautiful song, please click the link below
http://www.asomtube.com/audio/2/puwar-hahit-%28jetuka-pator-dore%29

P.S.- Apologies for the spelling errors that are present in the lyrics. They are mostly due to limitations of the software used to type the lyrics (Read: The lyric facilitator has not yet been fully familiarised with the complete functions of the software). Comments and suggestions are always welcome. 
জয় আই অসম 

Rumaal - Zubeen Garg

Song: Rumaal
Album: Rumaal
Singer: Zubeen Garg



















To listen to this song, please visit the link http://www.asomtube.com/audio/599/akobinkho-hotikar-(rumal)

Saalei Je - Khu-J - M-Sonic

Album: Khu-J
Artist:   M-Sonic






















For exclusive mp3 and video downloads of songs by the band M-Sonic,
please visit their official site www.m-sonic.com

Tomar Dusaku (Bhagyadevi Theatre) - Lyrics














এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন ম‌ই তোমাৰ দুচকুত
জীয়া জীয়া মোৰ আশাৰ আকৰ
তোমাৰ দুচকুত

আকাশৰ নীলা ঘেৰি পাও তোমাৰ দুচকুত
ম‌ই যেন হেৰাই যাও তোমাৰ দুচকুত

উজলি জলি কাখৰতে ৰ’লাহি
শোকোলা জোনাক দিলাহি উজাৰি
আছা বিয়পি হিয়াৰে কোহে কোহে
প্ৰতি খোজতে ৰোৱাহি চায়াৰ দৰে
তাৰেই মাজত দেখো নিতৌ
বিলীন ম‌ই আজি তাতেই

এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন ম‌ই তোমাৰ দুচকুত

আকাশৰ নীলা ঘেৰি পাও তোমাৰ দুচকুত
ম‌ই যেন হেৰাই যাও তোমাৰ দুচকুত

সপোন যেন লাগে নীলা নীলা ভাল পোৱা
সামৰি ৰাখো প্ৰতি দিন প্ৰতি নিশা
উঠে শিয়ৰি মন মোৰ অজানিতে
আছে নেকি দুখ সুখৰ সীমনাতে
দিশ হাৰা হৈ মোৰ মনে
চাৱনিতে যুৰ বিচাৰে

এখনি নিলীম সাগৰ তোমাৰ দুচকুত
বিলীন ম‌ই তোমাৰ দুচকুত
জীয়া জীয়া মোৰ আশাৰ আকৰ
তোমাৰ দুচকুত

The song is the title track of the play 'DUSAKU' of Bhaigyadevi Theatre (Season 2012-13). The theatre's site can be visited through http://www.theatrebhagyadevi.com/home.html and the song can be viewed here http://www.youtube.com/watch?v=-g_B4wJk2ZM

Singer: Zubeen Garg et al
Composition,Lyrics & Music-Poran Borkatoky.
Guitars-Rupam.
Recorded by Moon.
Studio-Orange.
Mixed and Mastered-Bhupesh.
Studio-Zeero DB.

Junaki Desh - Nixongo Mon - Lyrics

জোনাকৰ দেশৰ পৰীৰ কাহিনী শুনি
শুনি শুনি ম‌ই
মৰমে উতলা পচোৱাৰ বা লাগি

তোমাক পাবলৈ কৰিছো পন ম‌ই
ভাবো দিনে ৰাতি
উৰো উৰো লাগে
মন নাচি উঠিছে
ৰৈ সাচো আজি

মেঘালি চুলিৰে খোপা বান্ধি বান্ধি
আহিবা মোৰ কাষ চাপি
মনৰ জুৰি হৈ হঠাতে
হলা হি মোৰ মনৰ গৰাকি
ভৰি যায় মৰম নদি
নদি চেনেহৰ মিঠা মাতত আজি
আশাৰে পাচৈ তৰো
তৰো আজি দুইও আমি
জোনাকৰ দেশৰ পৰীৰ কাহিনী...

পদুলিৰ দুভৰি শেৱালিৰ চাই
জিলিকি উঠিছে তোৰ দুখন গাল
সোনালী সপোনে দহিছে মোৰ গান
নিয়ৰে শেমেকাই গায়
দেহা মোৰ ঐ দেহা ঐ
দেহা লহৰে লহৰে ভতিয়াই
জোনাকৰ পৰীৰ কাহিনী...

The song (and the complete Album Nixongo Mon) can be downloaded here

Kajal - Zubeen Garg - Lyrics

কাজল কাজল দুচকুতে
এসাগৰ মৰম আছে কাৰ বাবে
মোৰ মন তোমাতেই
প্ৰতি দিন প্ৰতি পলে
তোমাক বিচাৰো জনম জনমলৈ
হিয়াই হিয়াই তুমি মোৰ মাথো মোৰ

সপোন যেন সপোন লাগে তোমাৰ নীলা দুচকু
ভৰি আছে মৰম এবুকু এবুকু
জীয়া জীয়া সপোন আছে তোমাৰ দুচকুত
মৰম হৈ ৰৈ যাম ম‌ই তোমাৰ দুবাহুত

তেজে তেজে শিপালে মৰমৰ অনুভৱে
দুখনি হিয়াক জুৰাও আহা চিৰদিনলৈ
দিবানে ঐ জিৰাবলৈ এবাৰ তোমাৰ বুকুত
শিৰে শিৰে বিয়পিচে মৰম দুবাহুত

কাজল কাজল...

Singer: Zubeen Garg
Album: Rock

Boxonto - NEB Groove - Lyrics

বসন্তৰ ন কুহিপাতে
ন সাজে প্ৰতি প্ৰভাতে
ৰঙ মনে ডালে ডালে দেহা নচোৱাই
হালি জালি বলিয়া হাৱাই
সুৰ তুলি কিনো গীত গায়
মনে মনে যাও তাকেই গুন গুনাই

মন গহনত বৈ আহে
মিঠা মিঠা অলেখ ভাষা
শিৰে শিৰে বৈ যোৱা
গান গাও আমি প্ৰতি আশাৰ


ৰঙালিৰ এই বতৰত
সবে একলগ হৈ
পাতিলো দুষাৰ মৰমৰ মাত
হাহিৰে পন কৰিলো
আহিলে কাল ধুমুহাও
তৰিম পাৰ আমি ধৰি হাতে হাত

ঋতু আহে বছৰ যায়
শেষ নাই সপোনৰ
বান্ধি ল‌ও যদিহে মন
সাতুৰি পাৰ হম সাগৰ


ৰঙ লৈ সাজো বলা
সেউজ মন সপোন নীলা
বগাকৈ আকি মেঘ কলা
খেলো ৰঙৰ খেলা
তুলিকাত আহা আকি যাও
হাহি কান্দোন নিজেই সজাও
তাতে হিয়াৰ সুবাস সানি
কৰো জীৱন ৰঙীন বলা

নাথাকিব আমাৰ এই দেহ
নাথাকে আমাৰ এই প্ৰাণ
দুটি মিঠা মাতেৰে
গঢো বলা আমাৰ মান

The song can be listened to and downloaded here

Song: Boxonto
Album: Groove
Artist: Northeastbreeze (NEB)

Dusoku - NEB Groove - Lyrics

দুচকুৰ ভাষাৰে কি ক’লা
বুজা নুবুজা, কোৱা নোকোৱা কথাবোৰ
অবুজ মায়াৰে ভৰা
এজাক জোনাককে ক’ম
আমাৰ অনুৰাগী ক্ষণ
গানে গানে সমাহিত
সুৰে সুৰে মুখৰিত

কিয় যে নিগৰে বুকু বাগৰি মোৰ
সপোনৰ দৰে পিয়াসি মন
তোমাৰ হিয়াতে বিচাৰি ফুৰো নিজৰেই স্পন্দন
তোমাৰ উশাহে নিশা নিহাৰিকা
উন্মনা মোৰ মন
দুহাত মেলিবলৈ মন
সীমাহিন পৰি সীমা হৈ
আজীৱন সুবাসিত
প্ৰাণে প্ৰাণে প্ৰবাহিত

নুবুজু সচা মিছা
দুপলক এই সময়
আবেগে বৰষা হৈ যেন নামিব মোৰ কাষত
এজাক জোনাককে ক’ম
আমাৰ অনুৰাগী ক্ষণ
গানে গানে সমাহিত
সুৰে সুৰে মুখৰিত
আজীৱন সুবাসিত
প্ৰাণে প্ৰাণে প্ৰবাহিত

Song: Dusoku
Album: Groove
Artist: NorthEastBreeze (NEB)

To download the track (and the album), please visit this external website

Jagme - NEB Dhwani - Lyrics

जगमे जब छाई खुशिया 
खुशिया चारो दिशा 
लाखो हैं अँधेरे में 
रौशनी हैं कहा 
इंसानियत हैं लापता 
सच्चाई हैं अब कहा 
हैं राही हम भटके हुए 
चल ढूंढे एसा जहा 

सरहदे और मजहबो  को भूले सब यहा
याद हो हमे यारी बस, ना हो दुरिया 

হৰি মোৰ সুমতি দিয়া সবাকে
দিয়া জ্ঞানৰ আলোক এই ধৰাতে
হৰি মোৰ সুমতি দিয়া সবাকে
দিয়া জ্ঞানৰ আলোক এই ধৰাতে

हर दिल मैं जागे बस प्रीत 
हर पीढ़ी की हो यही रीत

Song: Jagme
Album: Dhwani
Artist: NEB
Genre: Fusion

To listen to and download NEB tracks, please visit their official site

Sunil Gagan - Zubeen Garg - Lyrics

সুনীল গগন জুৰি জ্বলে হেজাৰ তৰা
দুচকুত জ্বলে কাৰ দুটি নয়ন তৰা - ২

বিলৰ বুকুত ফুলা ভেত কলি এপাহি
কাক নো জনায় ওলগ, হাহে মধুৰ হাহি
এযুৰি চকুৰ চাৱনি, মন উতলা কৰা
সুনীল গগন যুৰি জ্বলে হেজাৰ তৰা
দুচকুত জ্বলে কাৰ দুটি নয়ন তৰা

কুহি কোমল কাৰ মলে আজি মেলিলে পাহি
মৃদু মধুৰ সুৰে বাজে মন কামনা বাহি
কামনাকো সুম ফুলে, বয় প্ৰীতিৰ নিজৰা

সুনীল গগন যুৰি জ্বলে হেজাৰ তৰা
দুচকুত জ্বলে কাৰ দুটি নয়ন তৰা

Uduli Muduli - Zubeen Garg - Lyrics

উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল
কাতিৰ কঙালি
মাঘৰ ভোগালি
ব’হাগী নাচনি হ’ল
জীয়ৰী বোৱাৰী ৰঙতে ৰঙিলি
হাতত জেতুকাৰ বোল
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল

গাওৰ সিমুৰে ডেকা গাভৰুয়ে
পাতিছে বিহুৰ মেলা
ধুলীয়া ওলালে নাচনি নাচিলে
পীৰিতি পীৰিতি খেলা
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল

মৰমৰ দীঘ হেপাহৰ বাণি
শিপিনি গাভৰুজনী
ভমকা ফুলিয়া পীৰিতি বোলিয়া
যাচে বিহুৱান খনি
ধিনিকি ধিন্দাও ঘনে উঠে চেও
বাজিছে বিহুৰ ধোল
উদুলি মুদুলি নাচনী পখিলি
ফাগুনী বাউলি হ’ল

Tumi Suwa Jetia - Zubeen Garg - Lyrics

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে
তুমি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজত দিগন্ত
সৃষ্টিৰ অপৰুপ অনন্ত

মেঘালি চুলি তাৰিত
ধৌ খেলে ৰ’দ দাৰি
হাহিত মিচিকনি
সোনাৰুৰ পাহি
সজল সজল চাৱনিত
ত’ৰাৰে জিলিকনি
সেন্দুৰিয়া ওঠতে
ক’থাৰে নিচুকনি
বুকুৰ মাজত দেখো জাগে সপোন
চকুৰ পতাত আকি তোমাক চিকুন
তোমাৰ মৰমত জ্বলি ৰ’ম সকলো হেৰুৱাই

পুৱা দুচকু মেলি
এপল দুপলা বেলি
নিজম নিজম গধুলি
তোমাকেই আশা পালি
নিয়ৰ সনা শেৱালি
ধৰি আছে পদুলি
তুমি গৰকি গ’লেই
সিও হ’ব সোনালী
এখোজ দুখোজ তুমি নিচেই কাষত
উলাহে নধৰা হাহি বুকুৰ মাজত
এতিয়া দুৰ আকাশ পৰে হি দুবাহুত পিচলি

Singer: Zubeen Garg

To listen to the song, please click here

Nila Nila Dusokute - Zubeen Garg - Jaanmoni - Lyrics

নীলা নীলা দুচকুতে কোন আহে বহে
মিঠা মিঠা সপোনৰ কোনে মেলা পাতে
কৈ দিম কৈ দিম বুলি ভাবো
ভাবো
কোৱা নহয়
মোৰো একেই ভাৱনা মনত, প্ৰাণত
মোৰো একেই শিহৰণ দেহত, তেজত

মায়া লৈ বুকুতে বোৱালা
মায়া জাগিছে সোণ তোমালৈ
সাতুৰি সাতুৰি ফুৰিবৰ মন মেলিছো ঐ সছাকৈ
ৰুপালি বতাহে আচলত ৰৈ ৰৈ নাচে
পিৰীতি পিৰীতি মনে চোন পাখি মেলি উৰে
মোৰো প্ৰেমৰ ঠিকনা মনত, প্ৰাণত
মোৰো একেই শিহৰণ দেহত, তেজত
নীলা নীলা দুচকুতে কোন আহে বহে
মিঠা মিঠা সপোনৰ কোনে মেলা পাতে
কৈ দিম কৈ দিম বুলি ভাবো
ভাবো
কোৱা নহয়

ঐ খাগৰি ৰিৰিয়া বাহিটি বজাই মাতিম ম‍ই তোমাক
লুইতৰ তুলবুল তুলবুল ধৌৰে দুইও ভতিয়াম নাওতে
সোনাৰু লাগে মোক
দিয়া নে ফুল হালধীয়া
লোৱা যৌৱনক হ’লো নে ম‍ই মোহনিয়া
মোৰ ফাগুন নামিছে প্ৰাণত
মোৰো একেই শিহৰণ মনত, তেজত
নীলা নীলা দুচকুতে কোন আহে বহে
মিঠা মিঠা সপোনৰ কোনে মেলা পাতে
কৈ দিম কৈ দিম বুলি ভাবো
ভাবো
কোৱা নহয়



Album: Jaanmoni (2011)