Thursday, February 27, 2014

Nohole Porichoy - Hiya Diya Niya

নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই
অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে
দোলনি দিলে নুবুজাকে মনতে মোৰ গুপুততে
যৌৱনে ক’লে আজি সেয়াই
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে
প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে
তথাপিতো বাৰে বাৰে চিগি যাব কিয় খোজে সুৰ
অকাৰণে অজানিতে
ল’ৰলিৰ উমলোতে ভাল লগা সুৰ
মনে মনে
যৌৱনে ক’লে আজি এয়াই হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

ল’ৰালিৰ সুৰকেই বিছাৰি হে আহিলো
অচিনা ঘাটতে বিছাৰি যে নাপালো
সময়নো কিয় বাৰু খেলিলেহি লুকা ভাকু হায়
বাৰে বাৰে অজানিতে
উভতিলো উকা হাতে লৈ মাথো মোৰ সোৱৰণি
যৌৱনে ক’লে আজি এয়াই হিয়া দিয়া নিয়া

Monday, February 24, 2014

Manoloi Ubhati Ahe Lorali - Movie "Daag"

মনলৈ উভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি
আছিলো তোৰে মৰমত খেলি
মোৰো ভাল লগে তাকে সোৱৰি
মনলৈ উভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি

তোকে লৈ দেখো ম‍ই মোৰ বুকুৰে এটি এটি সপোন
আৱেগে উপচে ত‍ইয়ে তো মোৰ আশাৰে জোন
ম‍ইও দেখো সপোন দিনে ৰাতিয়ে চোন প্ৰাইয়ে আজি কালি
ল’ৰলি আজিও চোন আতৰা নাই
কিনো ক’ম দাদা ম‍ইও তোৰেহে ভাই

কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে
কথা দিলো আজি আনিমে আযুৰি তোৰে সপোনকে
আগলৈ হ’বি ত‍ই মোৰ পৰিচয়
আৰু লাগিছে নো কি
মোৰো মন তোলৈকে আনিম এজনী
বহুতৰ মাজৰ পৰা বাছি বাছি
ক‍ইনা সাজে আহিব নবৌজনী
মানুহে মানুহ ভৰিব ৰভাথলী