Friday, November 22, 2013

Mitha Mitha Kathare - Zubeen Garg

মিঠা মিঠা কথাৰে মন ভোলালি
লাহে লাহে আহি মোৰ আপোন হ’লি ঐ
সপোনা]ৰ কাৰেঙত আছ যে উমলি
ত‍ই ন’হলে আজি একোৱেই ভাল নালাগে মোৰ
মিঠা মিঠা কথাৰে মন ভোলালি
লাহে লাহে আহি মোৰ আপোন হ’লি ঐ

অ’ লৈ যা লৈ যা মোকো লগতে লৈ যা
ত‍ই নাথাকিলে আজি ম‍ই আধৰুৱা
আপোন মোৰ কলিজা তোৰে ঐ পদুলিত
এৰি থৈ আহিছো কোনেও নেদেখাকৈ
বুটলি ৰাখি থ নিজৰ কৰি সাৱতি ল

কপাহি কোমল তোৰ আঙুলিৰ বোল
দে আহি বুলাই দেহা শাত পৰি ৰওক মোৰ
হেপাহো নপলাই চায়েই থাকিম যেন তোক
এনে লাগে কিয় দি দিও মোৰ সকলো
তোকে ঐ উজাৰি নাথাকক একো বাকি মোৰ
মিঠা মিঠা কথাৰে মন ভোলালি
লাহে লাহে আহি মোৰ আপোন হ’লি ঐ

No comments:

Post a Comment