Tuesday, November 12, 2013

Duparare Rodali - Zublee

দুপৰৰে ৰ’দালি ক’ৰে বাতৰি আনা
কপোৱা জানা মোৰ হিয়া
সাগৰৰে ধৌৱেও পাৰৰ বালিচৰকে চুমি জনালে ভালপোৱা
গোধুলি হ’বলে দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক দুবিব দিয়া

সপোন জাকে তোমাক পোৱাৰ আশাৰে দুহাত মেলে
বাখৰ বাখৰ তোমাৰ চকুত মায়ায়ে আবিৰ সানে
নিশাবোৰ আপোন বাটতে হয় যেন উশাহৰে নৈ
গোধুলি হ’বলে দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক দুবিব দিয়া

ডোখৰ ডোখৰ মৰম বোৰে নিশাবোৰ সপোন কৰে
শীতৰ উমাল পৰশবোৰে ক্ষ্য়ণবোৰ জীপাল কৰে
তোমাৰ চেনেহ আদৰেৰে ধৌসাহ যে ৰঙৰে নৌ চৈ
গোধুলি হ’বলে দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক দুবিব দিয়া

No comments:

Post a Comment