Friday, November 22, 2013

Dekha Diya - Nixongo Mon

মনে মাথো বিচাৰি ফুৰে আজীৱন তোমাকেই
উচুপনি শুনিছো অন্তৰত উকা পদুলিত আজি ম‍ই
চাই থাকো সোধো দিগন্তলৈ হাবিয়াসেৰে
জানিবা দেখা পাও তোমাক ম‍ই এই জন অৰণ্য়ত
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক

আজি মোৰ মন বননি ফাগুনৰে পলৰ
আহিব নে বৰষা পুনৰ জীপাল হ’বলে
লাহে লাহে যাবলে খুজা মোৰ এই ক্ষ্য়ণবোৰ
আজুৰি কাঢ়ি আনিমেই অতীতৰ মুঠিৰ পৰা
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক

মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক

No comments:

Post a Comment