Friday, May 30, 2014

Dihinge Disange Dibange - Dikshu

দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
কলং কামেং দৈয়াঙে
একেই মিঠা হাহিৰে

আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
হেজাৰ মুখৰ মাজতে একেই মিঠা হাহিৰে

দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
কলং কামেং দৈয়াঙে
একেই মিঠা হাহিৰে

আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
হেজাৰ মুখৰ মাজতে একেই মিঠা হাহিৰে
তুমি কাৰ্বি নে তিৱা
তুমি দেউৰী নে ৰাভা
তুমি কোচ নে ডিমাচা ও
যেনি যাও দিয়াহি ধৰা
চিনি পাও দূৰৈৰ পৰা
হাহি মুকুতা সৰা ও

দিহিঙে দিচাঙে দিবাঙে
আলেঙে আলেঙে আলেঙে

ইখন গাওৰ সীমাতে
সিখন ডাঙৰ জিলাতে
জনজাতি সংস্কৃতি মনেই ভৰি যায়
চহৰ নগৰ ঘূৰোতে মানুহ জাকৰ ভীৰতে
একেই সৰল হাহিটিয়ে দোলা দি যায়
কিজানি তাই আমনি পাই
ভয়েই লাগি যায়
কিজানি তাই আতৰি যায়
ভয়েই লাগি যায়

তুমি খাম্তি নে বড়ো
তুমি চিম্ফৌ নে গাৰো
তুমি মেচ নে কছাৰী ও
যেনি যাও দিয়াহি ধৰা
চিনি পাও দুৰৈৰ পৰা
হাহি মুকুতা সৰা ও

আপোন কৰি ল’বলৈ
দাপোন সাজি থ’বলৈ
তোমাৰ নামৰ বিপৰিতে উপাধি লগাই
তোমাৰ জাতৰ ন’হলেও
তোমাৰ ভাষা ন’কলেও
অসম দেশৰ ল’ৰা বুলি ল’বা নে চপাই
সমাজে হায় কিয় সদায় পৃথক কৰি যায়
পৰিধি নাই অৱধি নাই
প্ৰেমৰ নদী তাই
তুমি সোণোৱাল নে মিচিং
তুমি ফাকিয়াল নে হাজং
নে তুমি জয়ন্তিয়া ও
যেনি যাও দিয়াহি ধৰা
চিনি পাও দুৰৈৰ পৰা
হাহি মুকুতা সৰা ও

দিহিঙে দিচাঙে দিবাঙে
আলেঙে আলেঙে আলেঙে

4 comments: