Saturday, October 12, 2013

Sadiya - Zubeen Garg

বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলি ৰঙদৈৰ আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ সুনাহি
শদিয়া সাৱতি ঘুৰা লুইতৰ পাৰত
সময়ে থৈছিল লিখি
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি

ৰঙদৈ আছিলি মাচুৱৈ, লুইতৰ পাৰৰে ডেকা ত‍ই
চ’ৰাকৈ জাতৰে ৰাঙলিক হিয়াখন উজাৰি দিলি
মিলনৰ শতৰু এই সমাজে মিলিবলে নিদিছিলে এই মাতিতে
আপুনি চিতাতে জলিছিল ৰঙদৈ, ৰাঙলিক লুইতৰ কৰি থৈ
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি

সেয়া দূৰ কোনোবা পুৰণি ইতিহাসৰ পাত লুতিয়াও
প্ৰেমৰ অনুপম উপমা দেখি আৱেগত উজুতি খাও
হয়তো আকাশে ঠাই দিছে, সৰগত দুয়োটাৰ মন মিলিছে
আহিলে আহা মোৰ সৈতে শদিয়ালৈ যাও
ৰঙদৈ ৰাঙলিৰ সমাধি চাও
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলি ৰঙদৈৰ আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ সুনাহি

No comments:

Post a Comment