Wednesday, October 23, 2013

Manar Nijanat - Zubeen Garg

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ
হঠাতে সুকালে পোহৰৰ ফুলনি
নিলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰা

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

হৃদয়ে আবেগক নোৱাৰে সহিব
চকুলো বাগৰে নিৰৱে
কিমান সাৱতিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱাই
দুখৰ তৰা হৈ
নাচাবা চকুলে মোৰ
ওৰে নিশা
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

জীৱন সুৰভি তোমাৰ মাজতে
আছিলে অকলে নিৰৱে
সচা প্ৰেমৰো উশাহ আছিলে
অকলশৰিয়া বুকুতে
মৰুভুৰ মায়া হৈ
নাহিবা বুকুলে মোৰ
মিচাকৈয়ে
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

2 comments:

  1. Very good lyrics and also the song

    ReplyDelete
  2. This song is Heart touching song❤

    ReplyDelete