Monday, February 24, 2014

Manoloi Ubhati Ahe Lorali - Movie "Daag"

মনলৈ উভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি
আছিলো তোৰে মৰমত খেলি
মোৰো ভাল লগে তাকে সোৱৰি
মনলৈ উভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি

তোকে লৈ দেখো ম‍ই মোৰ বুকুৰে এটি এটি সপোন
আৱেগে উপচে ত‍ইয়ে তো মোৰ আশাৰে জোন
ম‍ইও দেখো সপোন দিনে ৰাতিয়ে চোন প্ৰাইয়ে আজি কালি
ল’ৰলি আজিও চোন আতৰা নাই
কিনো ক’ম দাদা ম‍ইও তোৰেহে ভাই

কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে
কথা দিলো আজি আনিমে আযুৰি তোৰে সপোনকে
আগলৈ হ’বি ত‍ই মোৰ পৰিচয়
আৰু লাগিছে নো কি
মোৰো মন তোলৈকে আনিম এজনী
বহুতৰ মাজৰ পৰা বাছি বাছি
ক‍ইনা সাজে আহিব নবৌজনী
মানুহে মানুহ ভৰিব ৰভাথলী

1 comment:

  1. Findmyindia.com যত আপোনাৰ মন পছন্দৰ অসমীয়া গীতৰ Lyrics বোৰ পাব...

    ReplyDelete