Tuesday, September 17, 2013

Tumi Janane - Zubeen Garg & Zublee

তুমি জানানে সাগৰ গভীৰ কিমান
মোৰ মৰমৰ গভীৰতা ও সিমান

তুমি জানানে আকাশ বিশাল কিমান
মোৰ মৰমৰ বিশালতা ও সিমান

এতিয়া মোৰ চৌপাশে তোমাৰ সুৰৰ গুনগুননি

এতিয়া মোৰ সকলোতে মাথো তুমিয়েই তুমি

তুমি জানানে কিমান আপোন তুমি
তুমি জানানে কিমান আপোন তুমি...

যেন সৰগ ঢুকি পাও ম‍ই এই মৰতত
যেতিয়া তুমি আহি ৰোৱাহি মোৰ কাষত

দুবাহুত সাৱতি ৰাখা মোক তোমাৰ
তুমি অহাৰ পৰাই মোৰ জীৱন সলনি

সাতোৰঙি ৰামধেনুতকৈও ৰঙীন তুমি

তুমি জানানে কিমান আপোন তুমি...

প্ৰতিটো উশাহত মোৰ এতিয়া তোমাৰ অনুভৱ
তোমাৰ মৰমৰ কোলাতেই ল’ম জিৰণি ভাগৰৰ

দুইও মিলি হ’ম এতিয়া আহা এই ক্ষ্যণত
সপোন সপোন লাগে প্ৰতি পল আজি

তুমি অহাৰ পৰাই জীৱন সলনি
তুমি জানানে কিমান আপোন তুমি

Thursday, August 15, 2013

Aasilo Koteno Lukaai - Zubeen Garg

F:
আছিলো ক’তেনো লুকাই
এটি চোন সজাতে সোমাই
পোৱা নাছিলো এনে শিহৰণ
বেলিতি ক’তেনু লুকাই
পোহৰ কিদৰে যে বিলাই
এচাতি শিতৰে ৰৈ সোৱৰণ

M:
মলয়া তোমাৰে নামত বলিছে চোৱা চৌদিশে
তোমাৰেইটো এই আকাশ
গোলাপত তোমাৰেইটো ৰং
প্ৰকৃতিত তোমাৰেই বৰণ
তুমিয়েইটো তাজমহল

F:
কোমল মাটিত খোজ পেলাই
ব’তাহৰ স’তে গতি মিলাই
এনে লাগিছে যেন আজি সকলো দুবাহুত

M:
তোমাৰ খোজৰ পৰশ পাই
জীপাল ধৰা উঠলি যায়
আছো আমি সৰগৰ মাজত যেন

F:
অতিন চিত কাষতে
আছিল কাৰ হাততে
বিছাৰি বিছাৰি খালো যে হাবাথুৰি

M:
তোমাৰ কাষত কাষত ম‍ই
সকলো চোন বিছাৰি পাও
হিয়াতকৈও তোমাক ভাল পাও

Nishaa Tuponi - Zubeen Garg

নিশা টোপনি নাহিলে মোৰ
নিচুকনি গাই কোনেনো বাৰু
তাহানি মোক থৈছিল শুৱায়

ঘৰলৈ উভতি আহোতে হয় যদি গধুলি
বাট ঘৰ কৰি কোনে চাই ওলায় পদুলি
আকুল অধিৰ তেও যে মোৰ চেনেহি আই
নিশা টোপনি নাহিলে মোৰ...

মৰম চেনেহে কোনেনো হৃদয় উজাৰি
ছায়াৰ দৰে ওৰে জীৱন ৰাখিলে আৱৰি
চিনি পাও ম‍ই তেও যে মোৰ চেনেহি আই
নিশা টোপনি নাহিলে মোৰ... 

Wednesday, August 14, 2013

Ritu - Nixongo Mon

ঋতু আহে ঋতু যায়
সৃষ্টিৰ কেনে নিয়ম
ব’হাগতে আকৌ আহে
ধৰালৈ ন ৰহণ
কুলি কেতেকিয়ে কিয়নো বিনালে
বিচাৰি ফুৰে চাগে আপোনজনকে

দেখিলো সিদিনা চকুৰ পলকতে
কিজানি আহিলে তাই আকৌ অকলে
কেতেকিৰ দৰে আজি হিয়া কিয় বিনালে
কোনেনো বুজিব হিয়াৰে বেদনা
দুগালৰ লহৰে আকৌ আনে দুখৰ নৈ

যাযাবৰ জীৱনৰ মুক্ত বিহংগ
নাপালো বিচাৰি কাৰোৰে সংগ
কিয় কৰা হাহাকাৰ, স্বপ্নভংগ
কেনেকৈ নো বুজাম যে নিয়তিৰ পৰিহৰ

Tumi Suwa Jetia - Zubeen Garg

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ’দে হাহে, ফুল ফুলে, কথা ক’লে
তুমি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজত দিগন্ত
সৃষ্টিৰ অপৰুপ অনন্ত

মেঘালি চুলি তাৰিত
ধৌ খেলে ৰ’দ দাৰি
হাহিত মিচিকনি
সোনাৰুৰ পাহি
সজল সজল চাৱনিত
ত’ৰাৰে জিলিকনি
সেন্দুৰিয়া ওঠতে
ক’থাৰে নিচুকনি
বুকুৰ মাজত দেখো জাগে সপোন
চকুৰ পতাত আকি তোমাক চিকুন
তোমাৰ মৰমত জ্বলি ৰ’ম সকলো হেৰুৱাই

পুৱা দুচকু মেলি
এপল দুপলা বেলি
নিজম নিজম গধুলি
তোমাকেই আশা পালি
নিয়ৰ সনা শেৱালি
ধৰি আছে পদুলি
তুমি গৰকি গ’লেই
সিও হ’ব সোনালী
এখোজ দুখোজ তুমি নিচেই কাষত
উলাহে নধৰা হাহি বুকুৰ মাজত
এতিয়া দুৰ আকাশ পৰে হি দুবাহুত পিচলি

Tumi Dusokut Kajol Lole - Zubeen Garg

তুমি দুচকুতে কাজল ল’লে
তুমি দুবাহুতে দুবাহু থ’লে
পিৰীতি শীৰে শীৰে
নামিছে ধীৰে ধীৰে
লগালা দেহে মনে জীয়া জীয়া জুই

সামৰি সামৰি থোৱা কেচা মৰম
যাচিবলৈ নো মন যায়
বাগৰি বাগৰি পৰিছো ভাগৰি
হিয়াত কোনে দিব ঠাই
আছাহি বুকুতে ৰৈ
গুপুতে জিৰনি লৈ

জোকাৰি জোকাৰি যোৱা চুলি তাৰি
ম‍ইও সপোন দেখা পাও
সোনাৰু সোনাৰু ফুলা হাহিটিত
উলাহে উটি ভাহি যাও
আছাহি গুপুতে ৰৈ
বুকুত জিৰনি লৈ

Manat Sopun Ketia Jaage - Zubeen Garg

মনত সপোন কেতিয়া জাগে
মনত ফাগুন কেতিয়া নামে
জানানে কোনেও নাজানে
হেপাহত উপঙা নতুন আশাবোৰে
সপোনক ৰিঙিয়াই মাতে

সাৱতি সাৱতি বুকুৰ মাজত
আইয়ে কোৱা কথা
ফুটু নুফুটু মুখৰ মাতত
আছিল হেনো আশা
ল’ৰালিত উমলা থুনুক থানাক খোজে
সৰগী সপোন সাৱতে

পোনপটিয়া জীৱন বাটত
কত খলা বমা
সময় আৰু পৰিষ্টিতিৰ নিৰৱ নৱ খেলা
তথাপি যৌৱনৰ মিঠা সুবাশবোৰে
প্ৰেৰণাৰ দলিচা পাৰে

Agoli Bahore Gagana Bojao - Zubeen Garg

আগলি বাহৰে গগনা বজাও
মাতে লাহৰি লাহৰি কৈ
দেখিবৰ পৰা তোমাকে চাও
চকু নাযায় আন কালৈ
লগৰী বোলো নে কোৱা না
ঘুমতিৰ বেলাতে চিকুনি সপোনে
তোমাক আনি বুকুতে থয়

ফুতুকিয়া সেই ফ্ৰক চোলাটোৰে
তোমাক পাইছিলো ল’ৰালিত
ফলি কিতাপ লৈ বহিছিলা সোণ
পাঠশালাৰ বাকৰিত
হেচুকি থৈ যায় অতীতে
হাতে বাউলি সোৱৰণে মাতে
মন টো যায় মাথো গাওলৈ

চতিয়না জোপা একেই আছেনে
তোমাৰ নঙলামুখতে
দুইওৰে শৈশৱ লগতে ৰাখি থৈ
কুক ভা এতিয়াও খেলানে
নৈ পৰিয়াবা ৰুণঝুন
উভতি আহিছো আপোন গাওলৈ
আছা হ’বলা বাট চাই

Jonake Bisare Ki - Angarag Mahanta

জোনাকে বিচাৰে কি
ফাগুনী বতাহে সোৱৰাই কি
তোমাকে তোমাকে তোমাকে তোমাকে
তোমাকে তোমাকে তোমাকে তোমাকে
জোনাকে বিচাৰে কি

দোকমোকালি পুৱা কুলিৰ বিননি
বেদনাই আহি দুচকু তিয়ায়
ডাৱৰে আৱৰে সপোন মোৰ
বতাহে নিলে উৰুৱাই
জোনাকে বিচাৰে কি...

জোনাকৰ ৰাতি তিৰবিৰ তৰাই
কিনো মায়া সানে দুচকু জুৰি
মন মোৰ উৰি যায় দুৰণিলৈ
আপোন গাঁওৰ পদুলিলৈ

ফাগুনী বতাহে সোৱৰাই কি
তোমাকে তোমাকে তোমাকে তোমাকে
জোনাকে বিচাৰে কি...

Puwar Hahit - Jetuka Paator Dore - Zubeen Garg

Puwar Hahit - Jetuka Paator Dore



















To listen to this beautiful song, please click the link below
http://www.asomtube.com/audio/2/puwar-hahit-%28jetuka-pator-dore%29

P.S.- Apologies for the spelling errors that are present in the lyrics. They are mostly due to limitations of the software used to type the lyrics (Read: The lyric facilitator has not yet been fully familiarised with the complete functions of the software). Comments and suggestions are always welcome. 
জয় আই অসম