Showing posts with label Angarag Mahanta. Show all posts
Showing posts with label Angarag Mahanta. Show all posts

Monday, December 30, 2013

Protidine - Rodor Sithi


প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল - ২
এপাহি হাহি এপাহি দুখ
তাৰেই সজাই তোলো মুখ
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল

আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুৱৰে মন
মনৰ চিলা উৰুৱাই জীৱনে - ২
সোণালী হৈ থাকক তোমাৰে মোৰে সময়
বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময়

হৃদয় কপোৱা গান এটি
পোৱা নোপোৱাৰ সুৰ এটি
তাতেই হেৰাই ছন্দ মোৰ হয়তো বা - ২
তথাপি সপোনৰ সপোনৰে দিঠকত
তোমাক আদৰো সেন্দুৰীয়া বাটত

Wednesday, August 14, 2013

Jonake Bisare Ki - Angarag Mahanta

জোনাকে বিচাৰে কি
ফাগুনী বতাহে সোৱৰাই কি
তোমাকে তোমাকে তোমাকে তোমাকে
তোমাকে তোমাকে তোমাকে তোমাকে
জোনাকে বিচাৰে কি

দোকমোকালি পুৱা কুলিৰ বিননি
বেদনাই আহি দুচকু তিয়ায়
ডাৱৰে আৱৰে সপোন মোৰ
বতাহে নিলে উৰুৱাই
জোনাকে বিচাৰে কি...

জোনাকৰ ৰাতি তিৰবিৰ তৰাই
কিনো মায়া সানে দুচকু জুৰি
মন মোৰ উৰি যায় দুৰণিলৈ
আপোন গাঁওৰ পদুলিলৈ

ফাগুনী বতাহে সোৱৰাই কি
তোমাকে তোমাকে তোমাকে তোমাকে
জোনাকে বিচাৰে কি...