Friday, May 30, 2014

Dihinge Disange Dibange - Dikshu

দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
কলং কামেং দৈয়াঙে
একেই মিঠা হাহিৰে

আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
হেজাৰ মুখৰ মাজতে একেই মিঠা হাহিৰে

দিহিঙে দিচাঙে দিবাঙে
পাগলাদিয়াৰ পাৰতে
কলং কামেং দৈয়াঙে
একেই মিঠা হাহিৰে

আলেঙে আলেঙে আলেঙে
পৰ্বতে পাহাৰে ভৈয়ামে
হেজাৰ মুখৰ মাজতে একেই মিঠা হাহিৰে
তুমি কাৰ্বি নে তিৱা
তুমি দেউৰী নে ৰাভা
তুমি কোচ নে ডিমাচা ও
যেনি যাও দিয়াহি ধৰা
চিনি পাও দূৰৈৰ পৰা
হাহি মুকুতা সৰা ও

দিহিঙে দিচাঙে দিবাঙে
আলেঙে আলেঙে আলেঙে

ইখন গাওৰ সীমাতে
সিখন ডাঙৰ জিলাতে
জনজাতি সংস্কৃতি মনেই ভৰি যায়
চহৰ নগৰ ঘূৰোতে মানুহ জাকৰ ভীৰতে
একেই সৰল হাহিটিয়ে দোলা দি যায়
কিজানি তাই আমনি পাই
ভয়েই লাগি যায়
কিজানি তাই আতৰি যায়
ভয়েই লাগি যায়

তুমি খাম্তি নে বড়ো
তুমি চিম্ফৌ নে গাৰো
তুমি মেচ নে কছাৰী ও
যেনি যাও দিয়াহি ধৰা
চিনি পাও দুৰৈৰ পৰা
হাহি মুকুতা সৰা ও

আপোন কৰি ল’বলৈ
দাপোন সাজি থ’বলৈ
তোমাৰ নামৰ বিপৰিতে উপাধি লগাই
তোমাৰ জাতৰ ন’হলেও
তোমাৰ ভাষা ন’কলেও
অসম দেশৰ ল’ৰা বুলি ল’বা নে চপাই
সমাজে হায় কিয় সদায় পৃথক কৰি যায়
পৰিধি নাই অৱধি নাই
প্ৰেমৰ নদী তাই
তুমি সোণোৱাল নে মিচিং
তুমি ফাকিয়াল নে হাজং
নে তুমি জয়ন্তিয়া ও
যেনি যাও দিয়াহি ধৰা
চিনি পাও দুৰৈৰ পৰা
হাহি মুকুতা সৰা ও

দিহিঙে দিচাঙে দিবাঙে
আলেঙে আলেঙে আলেঙে

Thursday, May 29, 2014

Endhare - Rodor Sithi

এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি আহি মোৰ বুকুত শুলে
এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি আহি মোৰ বুকুত শুলে
তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
এটি তৰা ফুল ফুলে
এটি তৰা ফুল ফুলে
এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি অহি মোৰ বুকুত শুলে

মোৰ বুকুত এজোপা গোলাপ
(কোনে ৰুলে)
তেজতে এটোপাতৰ ধালি
(হৃদয় কোনে চুলে) - ২
তোমাৰ কথা ভাবিলে অকলে অকলে
তৰাই তৰাই কথা পাতে
গোলাপৰ পাহে পাহে
জোনাকিৰ জাপ জ্বলে
মোৰ তেজৰ কোহে কোহে

এন্ধাৰে এন্ধাৰে এটি জোনাকি
উৰি অহি মোৰ বুকুত শুলে

Thursday, February 27, 2014

Nohole Porichoy - Hiya Diya Niya

নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই
অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে
দোলনি দিলে নুবুজাকে মনতে মোৰ গুপুততে
যৌৱনে ক’লে আজি সেয়াই
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

প্ৰথম প্ৰেমকে পাহৰিব পাৰিলে
প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে
তথাপিতো বাৰে বাৰে চিগি যাব কিয় খোজে সুৰ
অকাৰণে অজানিতে
ল’ৰলিৰ উমলোতে ভাল লগা সুৰ
মনে মনে
যৌৱনে ক’লে আজি এয়াই হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

ল’ৰালিৰ সুৰকেই বিছাৰি হে আহিলো
অচিনা ঘাটতে বিছাৰি যে নাপালো
সময়নো কিয় বাৰু খেলিলেহি লুকা ভাকু হায়
বাৰে বাৰে অজানিতে
উভতিলো উকা হাতে লৈ মাথো মোৰ সোৱৰণি
যৌৱনে ক’লে আজি এয়াই হিয়া দিয়া নিয়া

Monday, February 24, 2014

Manoloi Ubhati Ahe Lorali - Movie "Daag"

মনলৈ উভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি
আছিলো তোৰে মৰমত খেলি
মোৰো ভাল লগে তাকে সোৱৰি
মনলৈ উভতি আহে ল’ৰালি
তোৰে মোৰে এটি এটি ধেমালি

তোকে লৈ দেখো ম‍ই মোৰ বুকুৰে এটি এটি সপোন
আৱেগে উপচে ত‍ইয়ে তো মোৰ আশাৰে জোন
ম‍ইও দেখো সপোন দিনে ৰাতিয়ে চোন প্ৰাইয়ে আজি কালি
ল’ৰলি আজিও চোন আতৰা নাই
কিনো ক’ম দাদা ম‍ইও তোৰেহে ভাই

কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে
কথা দিলো আজি আনিমে আযুৰি তোৰে সপোনকে
আগলৈ হ’বি ত‍ই মোৰ পৰিচয়
আৰু লাগিছে নো কি
মোৰো মন তোলৈকে আনিম এজনী
বহুতৰ মাজৰ পৰা বাছি বাছি
ক‍ইনা সাজে আহিব নবৌজনী
মানুহে মানুহ ভৰিব ৰভাথলী

Sunday, January 26, 2014

Aahe Ba Naahe - Zubeen Garg

আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ
থাকে বা নাথাকে শাওণৰে ধল তুমি মৰমৰে নৈ
মৰমৰে নৈ
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ
তুমি ৰোৱা যেন মোলৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিতি শৰতে শৰতে
চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিতি শৰতে শৰতে
নাচে বা নানাচে জোনাকি হৈ
তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

জোৰে বা নোজোৰে বান্ধি লও
কিনো মৰমৰে এনাজৰিকে পাও
জোৰে বা নোজোৰে বান্ধি লও
কিনো মৰমৰে এনাজৰিকে পাও
বহে বা নবহে ফুলতে গৈ
ৰঙিলি পখিলি তুমি ৰঙৰে চৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

Rodor Sithi (Title Track) - Zubeen Garg

আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিয়াহী পৰিছে চিতিকি
আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি

গছৰে ছায়াতে জীৱনে জিৰালে
বিনীময় গচকে জানা দিব টো নেজানে
আজি যে মানুহে প্ৰতি টো খোজতে
হাবাথুৰি খায়ো কিয় নিজকে বিছাৰে
সপি দিয়া নিজকে আনৰ কাৰণে
বৈ যোৱা নদীৰ দৰে লহৰে লহৰে

আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি
পোহৰৰ চিয়াহী পৰিছে চিতিকি
আকাশে দিয়া ৰ’দৰে চিঠিক
মাটিয়ে জানা ল’লে সাৱটি

Sunday, January 5, 2014

Asha - Zubeen Garg

আশা মোৰ আশা
এখনি সৰৱ নৈ
সেই আশা মোৰ আশা
আহিছে ৰাঙলি হৈ
মোৰ গানৰ
বহু যুগৰ সুখ দুখৰ চিনাকি লৈ

মোৰ গানত আছে অনামিকা মায়া
সপোনৰ সুৰৰ নুবুজা আশা
মোৰ গানে আনে বহুতো প্ৰকাশ
পোৱা নোপোৱা মনৰ জোনাক
জোনাকি মন এটি হৈ
আহিছিলো মৰমৰ বোজা লৈ

মোৰ গানত আছে বৰষাৰ অনল
সেমেকা শীতৰ ৰ’দালি কোমল
মোৰ গানে দিব নতুন ভাষা
নতুনৰ জোনাক নতুন দিশা
ক্লান্ত বুকুযুৰি ব’ব
সৃষ্টিৰেই অমল বতাহ

Monday, December 30, 2013

Protidine - Rodor Sithi


প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল - ২
এপাহি হাহি এপাহি দুখ
তাৰেই সজাই তোলো মুখ
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
জীৱন তুমি ৰহণীয়া ৰঙৰে বোল

আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুৱৰে মন
মনৰ চিলা উৰুৱাই জীৱনে - ২
সোণালী হৈ থাকক তোমাৰে মোৰে সময়
বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময়

হৃদয় কপোৱা গান এটি
পোৱা নোপোৱাৰ সুৰ এটি
তাতেই হেৰাই ছন্দ মোৰ হয়তো বা - ২
তথাপি সপোনৰ সপোনৰে দিঠকত
তোমাক আদৰো সেন্দুৰীয়া বাটত

Sunday, December 8, 2013

Diya Ghurai Diya - Zubeen Garg

দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু
তৰালি সৰা চোতাল
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ আমি আমিয়েই চোন
পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন

আনা ঘূৰাই আনা
ধৰা নিভাজ হিয়াৰ
শেৱালি পাহিত দুভৰি থুনুক থানাক
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ অমি অমিয়েই চোন
পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন

ক খ গ ঘ আৰু ঙ
পাটীগণিত আৰু কুহিপাঠ
পঢ়ালা পঢ়ি আছো
শিকালা শিকি আছো
এতিয়া কিয় দিয়া মৰণ আঘাত
বুৰন্জীৰে পাত লুতিয়ালে
আমাৰ মৰমে দিব সকীয়াই
যদিহে আমাৰ অস্তিত্ব নাই
তেনে বুৰন্জী কোনেও নাচায়

Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun

That's it
Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun

Alakananda - Zubeen Garg

অলকানন্দা ওঠৰ হাহি যেন ৰজনীগন্ধা ফুলৰ পাহি
অৰুনিমা হৈ আকাশতে যেন আকিলাহি ৰং প্ৰভাততে
অচিনা নদিৰ সোতে সোতে বৈ
অচিনা নদিৰ সোতে সোতে বৈ
আহিলা কাষলে
অলকানন্দা ওঠৰ হাহি যেন ৰজনীগন্ধা ফুলৰ পাহি

মোৰ জোনাকৰে চিনাকি ছায়াতে তুমি যে আচিলা ৰৈ
যেন শৰততে শেৱালি বুটলি আপোন পাহৰা হৈ
কিনো মোহনিয়া লাজুকি নয়না
মৰম তোমাৰ যুগমীয়া

মৌন সময়ত আছিলো নীৰলে মাথো তোমাকে ভাবি
কিয় তুমি আহি জ্বলালা অগ্নি নীৰৱতা মোৰ ভাঙি
হৈ প্ৰজাপতি মন পদুলিতে
উলাহতে পাখি মেলি