Friday, October 25, 2013

I Love You Buli Kolu Moi - Jantra - Zubeen Garg

আই লাভ ইউ বুলি কলো ম‍ই
তুমি চাগে নুহুনিলা
কঠিন শিলৰ হৄদয় তোমাৰ সচাকে জানা
আই নিড ইউ বুলি কলো ম‍ই
তুমি চাগে নুবুজিলা
বলিয়া যৌৱনৰ চাকি নুমাল হঠাতে জানা

তিনিআলিতে লগ পোৱা
দুটি মিঠা কথা
কাজল কাজল কাজল
চকুত সপোন দেখা
চাইকেলত টিউচন যোৱা
পিছে পিছে ম‍ই যোৱা
বেকাকৈ তুমি চোৱা
তোমালৈ ম‍ই চোৱা
তুমি চাগে পাহৰিলা
বুকুতে যে ন’ৰলা
তুমি চাগে নুবুজিলা
বুকুতে যে ন’থলা
বুকু আজি উদাস উদাস
উদাস উদাস উদং

কলেজৰ কেন্টিনত গজা আৰু চাহ খোৱা
সকলোৱে জোকোৱা আছিল জানো মিচা
ৰাতি ৰাতি অকলে
তোমাক লৈ নিৰলে
গুপুতে সপোন গোথা
আজি দেখো মিচা
তুমি চাগে পাহৰিলা
বুকুতে যে ন’ৰলা
তুমি চাগে নুবুজিলা
বুকুতে যে ন’থলা
বুকু আজি উদাস উদাস
উদাস উদাস উদং

Jantra - Zubeen Garg

ৰাতিপুৱা সুই উঠি
যাবৰে যে হয় স্কুললৈ
গধুৰ গধুৰ পঢ়াৰ বোজা
কঢ়িয়াওতে যায় দিন দুৰলৈ
স্কুলৰ শেষত টিউচন কৰি
ঘুৰি আহি একো নাপাও বিছাৰি
হোমৱৰ্ক কৰি ভাগৰি
বিচনাৰ কোলাকেই লও সামৰি
আমি যেন যন্ত্ৰ
যন্ত্ৰ
একো একোটা যন্ত্ৰ
যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
যন্ত্ৰ
একো একোটা যন্ত্ৰ
যন্ত্ৰ

ৰাতিপুৱা সুই উঠি
চাহত সোহা মাৰি, পেপাৰ পঢ়ি
একেই খবৰ একেই চবি
একেই মৰা মৰি, ঠগা ঠগি
ন বজাত গা ধুই উঠি
পেট পুজা কৰি কাপোৰ পিন্ধি
অফিচ কৰি, দিনটো খাতি
আবেলি ঘুৰি আহো চুচৰি
আমি যেন যন্ত্ৰ...

ৰাতিপুৱা সুই উঠি
বাগানত মৰ্ণিং ৱক, হাতত কফি
এ চি গাড়ী, বিজনেচ কৰি
দুটামান চহি মাৰি হও চহকি
হয় গধুলি ক্লাবৰ সময়
হাতত হ্ৱিস্কি কাষত লোকৰ ঘৈণি
ৰঙা নীলা ৰঙৰ পোহৰ
ধলং পলং হৈ ঘৰ উভতি
আমি যেন যন্ত্ৰ...

ৰতিপুৱা সুই উঠি
হাত ধৰা ধৰি বুঢ়া বুঢ়ি
মাতিবলে কাৰো সময় নাই
চাহ টুপিলৈ থাকো আশ পালি
বুঢ়া বুঢ়িৰ বুজাবুজি
জীৱন যোৰা মৰম থাকো সাবতি
মায়া এৰি মোহ এৰি
এৰি অহা দিনৰ স্মৄতি সোৱৰি
আমি যেন যন্ত্ৰ

Khiriki Melote - Rumal - Zubeen Garg

খিৰিকি মেলোতেই চকুৰ পচাৰত
দেখিলো তোমাকে বেলিৰ পোহৰত
বিজুলি বিজুলি চকুৰ আঘাতত
বলিয়া হ’লো ম‍ই প্ৰেমৰ জোৱাৰত
জিয়াই জিয়াই মাৰিলা
হায় হায় হায় মাৰি দিলা
হায় হাই হায় কিনো লীলা
হায় হায় হায় কি কৰিলা
হায় হায় হায় খুলি খালা

পদুলি মূৰতে আবেলি আবেলি
কাৰ বাবে নো বাটে চোৱা
চোতাল সাৰোতে সকুৰ পাকেৰে
কিহৰ ইচাৰা দিয়া কোৱা
ভাবি ভাবি মোৰ পকিলে যে চুলি
সোনকালে মোক কোৱা খুলি
বুজি চোৱা মোক নকৰা ধেমালি
ন’হলে মৰিলো এবেলি
হায় হায় হায় মাৰি দিলা
হায় হাই হায় কিনো লীলা
হায় হায় হায় কি কৰিলা
হায় হায় হায় খুলি খালা

নদিৰ পাৰৰে পানচৈ ঘাটতে
একেলগে বহি সাধু সুনা
মাঘৰে মেজিতে হাত সেকি সেকি
কত ৰাতি গ’ল ভাবি চোৱা
নাহে জানো উৰি একোকে মনলে
কিয় নো পাহৰিলা তুমি কোৱা
দিহিঙে দিপাঙে তোমাকে বিছাৰি
মনে বিনাই আছে চোৱা
হায় হায় হায় মাৰি দিলা
হায় হাই হায় কিনো লীলা
হায় হায় হায় কি কৰিলা
হায় হায় হায় খুলি খালা

Wednesday, October 23, 2013

Manar Nijanat - Zubeen Garg

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ
হঠাতে সুকালে পোহৰৰ ফুলনি
নিলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰা

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

হৃদয়ে আবেগক নোৱাৰে সহিব
চকুলো বাগৰে নিৰৱে
কিমান সাৱতিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱাই
দুখৰ তৰা হৈ
নাচাবা চকুলে মোৰ
ওৰে নিশা
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

জীৱন সুৰভি তোমাৰ মাজতে
আছিলে অকলে নিৰৱে
সচা প্ৰেমৰো উশাহ আছিলে
অকলশৰিয়া বুকুতে
মৰুভুৰ মায়া হৈ
নাহিবা বুকুলে মোৰ
মিচাকৈয়ে
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

Saturday, October 12, 2013

Pratham Dekhatei - Jitul Sonowal

প্ৰথম দেখাতেই ভাবিছিলো বহু কথা
ক’ম বুলি
ন’হল কোৱা
আজিও ন’হল কোৱা
এতিয়া যাবৰ হ’ল আপোন ঘৰলৈ
দুৰলৈ দুৰলৈ দুৰলৈ

পাও যদি কেতিয়াবা চিনাকি ঘাটত
ম‍ইতো নুফুলো আৰু তোমাৰ বনত
তোমাৰো যে নাথাকিব উৰণিয়া মন
মন মোৰ থাকি যাব সপোন ঘাটত
এতিয়া যোৱাগৈ আপোন ঘৰলৈ
দুৰলৈ দুৰলৈ দুৰলৈ

মনত পৰিবনে সোণালি দিনৰ
এটি দুটি বহু কথা নিজান পৰৰ
তোমাক যে পাইছিলো অচিন ঘাটত
দিছিলো যে থাই মোৰ হিয়াৰ মাজত
এতিয়া যোৱাগৈ আপোন ঘৰলৈ
দুৰলৈ দুৰলৈ দুৰলৈ

Sadiya - Zubeen Garg

বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলি ৰঙদৈৰ আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ সুনাহি
শদিয়া সাৱতি ঘুৰা লুইতৰ পাৰত
সময়ে থৈছিল লিখি
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি

ৰঙদৈ আছিলি মাচুৱৈ, লুইতৰ পাৰৰে ডেকা ত‍ই
চ’ৰাকৈ জাতৰে ৰাঙলিক হিয়াখন উজাৰি দিলি
মিলনৰ শতৰু এই সমাজে মিলিবলে নিদিছিলে এই মাতিতে
আপুনি চিতাতে জলিছিল ৰঙদৈ, ৰাঙলিক লুইতৰ কৰি থৈ
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি

সেয়া দূৰ কোনোবা পুৰণি ইতিহাসৰ পাত লুতিয়াও
প্ৰেমৰ অনুপম উপমা দেখি আৱেগত উজুতি খাও
হয়তো আকাশে ঠাই দিছে, সৰগত দুয়োটাৰ মন মিলিছে
আহিলে আহা মোৰ সৈতে শদিয়ালৈ যাও
ৰঙদৈ ৰাঙলিৰ সমাধি চাও
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলি ৰঙদৈৰ আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ সুনাহি

Tuesday, September 17, 2013

Tumi Janane - Zubeen Garg & Zublee

তুমি জানানে সাগৰ গভীৰ কিমান
মোৰ মৰমৰ গভীৰতা ও সিমান

তুমি জানানে আকাশ বিশাল কিমান
মোৰ মৰমৰ বিশালতা ও সিমান

এতিয়া মোৰ চৌপাশে তোমাৰ সুৰৰ গুনগুননি

এতিয়া মোৰ সকলোতে মাথো তুমিয়েই তুমি

তুমি জানানে কিমান আপোন তুমি
তুমি জানানে কিমান আপোন তুমি...

যেন সৰগ ঢুকি পাও ম‍ই এই মৰতত
যেতিয়া তুমি আহি ৰোৱাহি মোৰ কাষত

দুবাহুত সাৱতি ৰাখা মোক তোমাৰ
তুমি অহাৰ পৰাই মোৰ জীৱন সলনি

সাতোৰঙি ৰামধেনুতকৈও ৰঙীন তুমি

তুমি জানানে কিমান আপোন তুমি...

প্ৰতিটো উশাহত মোৰ এতিয়া তোমাৰ অনুভৱ
তোমাৰ মৰমৰ কোলাতেই ল’ম জিৰণি ভাগৰৰ

দুইও মিলি হ’ম এতিয়া আহা এই ক্ষ্যণত
সপোন সপোন লাগে প্ৰতি পল আজি

তুমি অহাৰ পৰাই জীৱন সলনি
তুমি জানানে কিমান আপোন তুমি

Thursday, August 15, 2013

Aasilo Koteno Lukaai - Zubeen Garg

F:
আছিলো ক’তেনো লুকাই
এটি চোন সজাতে সোমাই
পোৱা নাছিলো এনে শিহৰণ
বেলিতি ক’তেনু লুকাই
পোহৰ কিদৰে যে বিলাই
এচাতি শিতৰে ৰৈ সোৱৰণ

M:
মলয়া তোমাৰে নামত বলিছে চোৱা চৌদিশে
তোমাৰেইটো এই আকাশ
গোলাপত তোমাৰেইটো ৰং
প্ৰকৃতিত তোমাৰেই বৰণ
তুমিয়েইটো তাজমহল

F:
কোমল মাটিত খোজ পেলাই
ব’তাহৰ স’তে গতি মিলাই
এনে লাগিছে যেন আজি সকলো দুবাহুত

M:
তোমাৰ খোজৰ পৰশ পাই
জীপাল ধৰা উঠলি যায়
আছো আমি সৰগৰ মাজত যেন

F:
অতিন চিত কাষতে
আছিল কাৰ হাততে
বিছাৰি বিছাৰি খালো যে হাবাথুৰি

M:
তোমাৰ কাষত কাষত ম‍ই
সকলো চোন বিছাৰি পাও
হিয়াতকৈও তোমাক ভাল পাও

Nishaa Tuponi - Zubeen Garg

নিশা টোপনি নাহিলে মোৰ
নিচুকনি গাই কোনেনো বাৰু
তাহানি মোক থৈছিল শুৱায়

ঘৰলৈ উভতি আহোতে হয় যদি গধুলি
বাট ঘৰ কৰি কোনে চাই ওলায় পদুলি
আকুল অধিৰ তেও যে মোৰ চেনেহি আই
নিশা টোপনি নাহিলে মোৰ...

মৰম চেনেহে কোনেনো হৃদয় উজাৰি
ছায়াৰ দৰে ওৰে জীৱন ৰাখিলে আৱৰি
চিনি পাও ম‍ই তেও যে মোৰ চেনেহি আই
নিশা টোপনি নাহিলে মোৰ... 

Wednesday, August 14, 2013

Ritu - Nixongo Mon

ঋতু আহে ঋতু যায়
সৃষ্টিৰ কেনে নিয়ম
ব’হাগতে আকৌ আহে
ধৰালৈ ন ৰহণ
কুলি কেতেকিয়ে কিয়নো বিনালে
বিচাৰি ফুৰে চাগে আপোনজনকে

দেখিলো সিদিনা চকুৰ পলকতে
কিজানি আহিলে তাই আকৌ অকলে
কেতেকিৰ দৰে আজি হিয়া কিয় বিনালে
কোনেনো বুজিব হিয়াৰে বেদনা
দুগালৰ লহৰে আকৌ আনে দুখৰ নৈ

যাযাবৰ জীৱনৰ মুক্ত বিহংগ
নাপালো বিচাৰি কাৰোৰে সংগ
কিয় কৰা হাহাকাৰ, স্বপ্নভংগ
কেনেকৈ নো বুজাম যে নিয়তিৰ পৰিহৰ