Sunday, December 8, 2013

Diya Ghurai Diya - Zubeen Garg

দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু
তৰালি সৰা চোতাল
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ আমি আমিয়েই চোন
পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন

আনা ঘূৰাই আনা
ধৰা নিভাজ হিয়াৰ
শেৱালি পাহিত দুভৰি থুনুক থানাক
সেইয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ অমি অমিয়েই চোন
পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন

ক খ গ ঘ আৰু ঙ
পাটীগণিত আৰু কুহিপাঠ
পঢ়ালা পঢ়ি আছো
শিকালা শিকি আছো
এতিয়া কিয় দিয়া মৰণ আঘাত
বুৰন্জীৰে পাত লুতিয়ালে
আমাৰ মৰমে দিব সকীয়াই
যদিহে আমাৰ অস্তিত্ব নাই
তেনে বুৰন্জী কোনেও নাচায়

Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun

That's it
Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun

Alakananda - Zubeen Garg

অলকানন্দা ওঠৰ হাহি যেন ৰজনীগন্ধা ফুলৰ পাহি
অৰুনিমা হৈ আকাশতে যেন আকিলাহি ৰং প্ৰভাততে
অচিনা নদিৰ সোতে সোতে বৈ
অচিনা নদিৰ সোতে সোতে বৈ
আহিলা কাষলে
অলকানন্দা ওঠৰ হাহি যেন ৰজনীগন্ধা ফুলৰ পাহি

মোৰ জোনাকৰে চিনাকি ছায়াতে তুমি যে আচিলা ৰৈ
যেন শৰততে শেৱালি বুটলি আপোন পাহৰা হৈ
কিনো মোহনিয়া লাজুকি নয়না
মৰম তোমাৰ যুগমীয়া

মৌন সময়ত আছিলো নীৰলে মাথো তোমাকে ভাবি
কিয় তুমি আহি জ্বলালা অগ্নি নীৰৱতা মোৰ ভাঙি
হৈ প্ৰজাপতি মন পদুলিতে
উলাহতে পাখি মেলি

Saturday, November 23, 2013

Koliya Meghe - Abhimani Man - Zubeen Garg

কলিয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ
অভিমানী মন গুছাবলৈ
কি জানো কৰো ক’বানে ঐ
আলেঙে আলেঙে নিবিছাৰো
অনবৰত প্ৰীতিৰে ধৰো

হিয়াৰে ভৰালত মৰম শালিধান
ডুলিয়ে ডুলিকৈ লৈয়ে যাবা জান
আকুলতাত দিয়াহি মোক এষাৰি মাতে
ঐ মোলৈ নোচোৱা নে

কাষত ৰ’লেও আজি দুৰে দুৰে যেন পাও
ভুল ক’ত কি বাৰু বিছাৰি নাপাও
ভালপোৱা বোৰে কয় ম‍ই তোমাৰে
ঐ জনমে জনমে 

Friday, November 22, 2013

Dekha Diya - Nixongo Mon

মনে মাথো বিচাৰি ফুৰে আজীৱন তোমাকেই
উচুপনি শুনিছো অন্তৰত উকা পদুলিত আজি ম‍ই
চাই থাকো সোধো দিগন্তলৈ হাবিয়াসেৰে
জানিবা দেখা পাও তোমাক ম‍ই এই জন অৰণ্য়ত
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক

আজি মোৰ মন বননি ফাগুনৰে পলৰ
আহিব নে বৰষা পুনৰ জীপাল হ’বলে
লাহে লাহে যাবলে খুজা মোৰ এই ক্ষ্য়ণবোৰ
আজুৰি কাঢ়ি আনিমেই অতীতৰ মুঠিৰ পৰা
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক

মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক
মাথো আৰু এবাৰ দেখা দিয়া
দেখা দিয়া মোক

Mitha Mitha Kathare - Zubeen Garg

মিঠা মিঠা কথাৰে মন ভোলালি
লাহে লাহে আহি মোৰ আপোন হ’লি ঐ
সপোনা]ৰ কাৰেঙত আছ যে উমলি
ত‍ই ন’হলে আজি একোৱেই ভাল নালাগে মোৰ
মিঠা মিঠা কথাৰে মন ভোলালি
লাহে লাহে আহি মোৰ আপোন হ’লি ঐ

অ’ লৈ যা লৈ যা মোকো লগতে লৈ যা
ত‍ই নাথাকিলে আজি ম‍ই আধৰুৱা
আপোন মোৰ কলিজা তোৰে ঐ পদুলিত
এৰি থৈ আহিছো কোনেও নেদেখাকৈ
বুটলি ৰাখি থ নিজৰ কৰি সাৱতি ল

কপাহি কোমল তোৰ আঙুলিৰ বোল
দে আহি বুলাই দেহা শাত পৰি ৰওক মোৰ
হেপাহো নপলাই চায়েই থাকিম যেন তোক
এনে লাগে কিয় দি দিও মোৰ সকলো
তোকে ঐ উজাৰি নাথাকক একো বাকি মোৰ
মিঠা মিঠা কথাৰে মন ভোলালি
লাহে লাহে আহি মোৰ আপোন হ’লি ঐ

Thursday, November 21, 2013

Anamika - Zubeen Garg

হাহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেও মন নভৰে
বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা
মৰমৰ বৰষাৰে অনামিকা
কলিজা ৰঙা কৰি উজলি আছা

বহুদিনৰে পৰা নিশা জাগি
সাচিছো যে তোমালৈ মন মাধুৰী
উথলি উঠা মৰমে
গোপনে হিয়া আৱৰে
বেদনাৰ আকাশ ভাঙি
মন কিয় যে নভৰে
কোৱা না অনামিকা
কলিজা ৰঙা কৰি উজলি আছা

সোণ সৰা সপোনৰ পাৰ ভাঙি
অসীমলৈ আনিলা তুমি আহি
কত যে দুখৰ ধুমুহা পাৰ হৈ আহি আহি
সেউজীয়া এটি ছবি মনৰ কাষতে আকি
ৰৈ আছো অনামিকা
কলিজা ৰঙা কৰি উজলি আছা

Mon Jai - Zubeen Garg

মন যায় মোৰো মন যায়
মন যায় মোৰো মন যায়
চকুত চকু থৈ চাবলে
লাহে লাহে ওচৰ পাবলে
কাষে কাষে খোজ দিবলে
মন যায় মোৰো মন যায়
চকুত চকু থ’ব মন যায়

তোমাক দেখা পালে সপোন জাগি উঠে
বুকুখনি হয় তাজমহল
মন নদি হৈ মৰম সুতি বয়
ধৌ বোৰ তাত হয় সাথৰ
সন্মুখত যেতিয়া তোমাক দেখো
যাযাবৰ অভিমান মুঠিতে ৰাখো
মন যায় মন যায় মন যায়

টুকুৰা টুকুৰা ভাঙি গুৰি হোৱা
মন তোক কিদৰে যোৰা দিও
খেলি মেলি বোৰে ধুই শেতা কৰা
বুকুৰ কিহৰে নো ৰং সানো
বেদনা বেদনা মোৰ ভাল পোৱা
তোমাক হেৰুৱাই পাথৰ হিয়া
মন যায় মন যায় মন যায়

সুখি হৈয়ে ৰোৱা ম‍ই অবিহনে
এইয়া মোৰ সুভকামনা
লাহে লাহে আতৰাই আনি ল’লো
ম‍ই মোক তোমাৰ পৰা
কিনো হ’ল সপোন সপোনেই ৰ’ল
সাধনা আজি যে আধৰুৱা হ’ল
মন যায় মন যায় মন যায় 

Sonali Mon - Zubeen Garg

সোণালী মনৰ মালিকণী
সোণালী সপোন দিয়া আনি
চুটি চুটি খোজ দি লাহে লাহে আহিছা
কাজলে মেৰা দুচকু লাজেৰে তুলিছা
ধপ ধপ কৰে বুকু মোৰ
জ্বলে মন মোৰ কৰাহি যুৰ
প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ

তোমাৰ ভাৱনাই বুকুত ভীৰ লগায়
মোৰ দিন ৰাতিৰ চিন চাব নাই
ফাগুনে জিৰোৱা মদাৰ ফুলেও তোমাৰ ছবিকে দেখায়
ধপ ধপ কৰে বুকু মোৰ
জ্বলে মন মোৰ কৰাহি যুৰ
প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ

পথাৰ উপচা যেন শালিদৰা
মোৰ মৰম তোমালৈ অযুত
যৌৱনে বিছাৰে তোমাকে পাবলৈ তোমাক নিচেই কাষত
ধপ ধপ কৰে বুকু মোৰ
জ্বলে মন মোৰ কৰাহি যুৰ
প্ৰেম অলিয়া বলিয়া মোৰে হিয়া হৈ আতুৰ

Wednesday, November 13, 2013

Anuradha - Zubeen Garg

যুগে যুগে প্ৰতি খোজে তোমাতেই ম‍ই হ’ম বিলীন
এন্ধাৰৰে চুকে চুকে আছো ম‍ই তোমাতেই লীন
অনুৰাধা অনুৰাধা

সময়ৰে খাজে খাজে বৈ আহে ৰাতি দিন
হৃদয়ৰে সীমনাতে অশ্ৰু নিগৰা বীণ
অনুৰাধা অনুৰাধা

চকুয়েদি বৈ আহে নিদ্ৰাহিন কবিতা
এন্ধাৰতো জ্বলি মৰে নজলোৱা শলিতা
সপোনৰো শেষ আছে শেষ নহয় হতাশা
জ্বলি জ্বলি জ্বলে মাথো
হেৰুৱালো ওঠৰ ভাষা
অনুৰাধা অনুৰাধা

চকুৰে নৈ বৈ বৈ
বৈ আহে নিৰৱতা
সুখে দুখে জীৱনে দি যায় নীৰ ব্য়াকুলতা
জীৱনৰো শেষ আছে শেষ নহয় জিজ্ঞ্য়াসা
মৃত্য়ুয়ে চুমা যাচে
চুমাতেই যেন প্ৰত্য়াষা
অনুৰাধা অনুৰাধা

Tuesday, November 12, 2013

Duparare Rodali - Zublee

দুপৰৰে ৰ’দালি ক’ৰে বাতৰি আনা
কপোৱা জানা মোৰ হিয়া
সাগৰৰে ধৌৱেও পাৰৰ বালিচৰকে চুমি জনালে ভালপোৱা
গোধুলি হ’বলে দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক দুবিব দিয়া

সপোন জাকে তোমাক পোৱাৰ আশাৰে দুহাত মেলে
বাখৰ বাখৰ তোমাৰ চকুত মায়ায়ে আবিৰ সানে
নিশাবোৰ আপোন বাটতে হয় যেন উশাহৰে নৈ
গোধুলি হ’বলে দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক দুবিব দিয়া

ডোখৰ ডোখৰ মৰম বোৰে নিশাবোৰ সপোন কৰে
শীতৰ উমাল পৰশবোৰে ক্ষ্য়ণবোৰ জীপাল কৰে
তোমাৰ চেনেহ আদৰেৰে ধৌসাহ যে ৰঙৰে নৌ চৈ
গোধুলি হ’বলে দিয়া
জোনাকো নামিব তেতিয়া
মৰমত তাতে মোক দুবিব দিয়া