Tuesday, November 12, 2013

Pakhitei Pakhi Logai - Zubeen Garg

পাখিতেই পাখি লগাই উৰিবলে মন
দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন
এথৰ দুথৰ মোৰ হেপাহৰ
মুঠি এমুঠি তোমাৰ আদৰৰ
তাতেই নাচি ৰ’ব দুই জোনাকি মন

কোন অমানিশা কোনোবা এন্ধাৰে
আগচিব খুজিলে মোক অজানিতে
তোমাৰে ভাৱনাৰ চাকিতি চৌপাখে মোৰ জ্বলেহি
ইটো সিটো কৈ বহুটো আশা
তোমাৰ সহাৰিতে জিৰাব খোজা
তাতেই বাকি দিয়া এফেৰি মৰম

দেই পুৰি নিয়া মোৰো সীমনা
ৰৈ আছো জানানে তোমাৰে ভৰষাত
নোৱাৰো এখোজো দিবলে
অকলসৰে ম‍ই অকলে
আহোতে আহা সপোন এটি হৈ
যাও বুলি গ’লে বুকু ভাঙে ঐ
নেলাগে নেলাগে বেলেগে মৰম

Jaboloi Khojote - Zubeen Garg

যাবলৈ খোজোতেই থ’মকিব দুভৰি
ডাৱৰৰ আৰতে নতুনৰ ৰ’দালি
চিনাকি চিনাকি দুদিনৰ চিনাকি
আতৰি গ’লেগৈ হ’ব যে অচিনাকি
যাবলৈ নিদিবা ৰাখিবা ধৰি
যাবলৈ খোজোতেই থমকিব দুভৰি
ডাৱৰৰ আৰতে নতুনৰ ৰ’দালি

কোনে বাৰু মোক মৰম দিলে
উকা হিয়া মোৰ ভৰাই থলে
ইমান দিনে আছিলে অকলে
আপোন বুলি মোক ভাবিলে কোনে
দিব পাৰে মোক মৰম কিজানি
তাকেই ভাবি ম‍ই ললো সাৱতি
যাবলৈ নিদিবা কাষৰতে ৰাখিবা
আপোন বুলি তুমি যাকেই ভাবি ল’লা
আতৰি গ’লেগৈ উভতি নাহে

মৰম জৰি যেতিয়া চিঙে
কোমল কলিজা উচুপি কান্দে
আপোন বুলি ভাবো ম‍ই যাকে
তেৱেই আহি মোৰ হিয়া ভাঙে
দিব খুজিও দিব নোৱাৰো
গোপনে মৰম সাৱতি ৰাখো
ফুলিব খোজোতে মোহাৰি নেপেলাবা
হাহিব খোজোতেই আহি দুখ নিদিবা
যাবলৈ নিদিবা ৰাখিবা ধৰি

Monday, November 4, 2013

Pratham Marame Jodi - Samar Hazarika

প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভাল পোৱা কিয় জানো মৰহি যায়
এখন হিয়া আৰু এখন হিয়াই
মিলিলেহে মৰমে পূৰ্ণতা পায়
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়

যৌৱন প্ৰভাত বেলাতে
তোমাক দেখিছিলো হঠাতে
প্ৰথম চাৱনিতে কিযে হ’ল
তুমি জানো গমকে পোৱা নাই
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়...

শৈশৱে গৈ গৈ সুৰ আহিল
হৈ সুৰ গৈ যৌৱন আহিল
যৌৱনে আমনি নকৰা হ’লে
নেচালো হেতেন তোমাৰ ফালে
ই নহয় নহয় মাথো কামনা
এই মোৰ জীৱনৰ সাধনা
আজীৱন তুমি ম‍ই সুখী হ’ম
তুমি জানো বুজিকে পোৱা নাই
প্ৰথম মৰমে যদি সহাৰি নাপায়
ভালপোৱা কিয় জানো মৰহি যায়...

Friday, November 1, 2013

Dusokure Nilare - Mukha - Zubeen Garg

দুচকুৰে নীলাৰে মাজতে ম‍ই আছোনে
তৰা জ্বলা আকাশত নিহাৰিকা ম‍ই নে
ভাৱৰ দাৱৰে তোমাৰ আৱৰেহি মোক প্ৰতিটো প্ৰহৰ

দুচকুৰে নীলাৰে মাজতে তুমি
তৰা জ্বলা আকাশত নিহাৰিকা তুমি
তোমাৰ চকুৰ পোহৰ বিজুলি হৈ চুমেহি মোক

মোৰ পৃথিৱী যেন চিৰ নতুন তুমি এষাৰ মাতিলে
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই

দোলনি দিলে বুকুতে সেউজীয়া হাহিয়ে
এই হাহি চিৰদিনৰ
প্ৰাণ পালে হেপাহে তোমাৰ উশাহে উশাহে
এই হেপাহ চিৰকালৰ
তোমাৰ হাহিৰে ভৰে প্ৰতিটো পুৱা প্ৰতিটো নিশা
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই
তৰা জ্বলা আকাশত নিহাৰিকা তুমি ম‍ই

সুন্দৰৰে ৰূপতে মৰমে আহি নামিলে
এই মৰম মোৰ প্ৰাণৰ
সাৰ পালে শবদে নিৰৱে থাকি হঠাতে
এই শবদ মোৰ গানৰ
তোমাৰ বুকু নিগৰি নিগৰি নামে ৰূপহি ফাগুন
দুচকুৰে নীলাৰে মাজতে তুমি ম‍ই
তৰা জ্বলা আকাশত নিহাৰিকা তুমি ম‍ই

Friday, October 25, 2013

I Love You Buli Kolu Moi - Jantra - Zubeen Garg

আই লাভ ইউ বুলি কলো ম‍ই
তুমি চাগে নুহুনিলা
কঠিন শিলৰ হৄদয় তোমাৰ সচাকে জানা
আই নিড ইউ বুলি কলো ম‍ই
তুমি চাগে নুবুজিলা
বলিয়া যৌৱনৰ চাকি নুমাল হঠাতে জানা

তিনিআলিতে লগ পোৱা
দুটি মিঠা কথা
কাজল কাজল কাজল
চকুত সপোন দেখা
চাইকেলত টিউচন যোৱা
পিছে পিছে ম‍ই যোৱা
বেকাকৈ তুমি চোৱা
তোমালৈ ম‍ই চোৱা
তুমি চাগে পাহৰিলা
বুকুতে যে ন’ৰলা
তুমি চাগে নুবুজিলা
বুকুতে যে ন’থলা
বুকু আজি উদাস উদাস
উদাস উদাস উদং

কলেজৰ কেন্টিনত গজা আৰু চাহ খোৱা
সকলোৱে জোকোৱা আছিল জানো মিচা
ৰাতি ৰাতি অকলে
তোমাক লৈ নিৰলে
গুপুতে সপোন গোথা
আজি দেখো মিচা
তুমি চাগে পাহৰিলা
বুকুতে যে ন’ৰলা
তুমি চাগে নুবুজিলা
বুকুতে যে ন’থলা
বুকু আজি উদাস উদাস
উদাস উদাস উদং

Jantra - Zubeen Garg

ৰাতিপুৱা সুই উঠি
যাবৰে যে হয় স্কুললৈ
গধুৰ গধুৰ পঢ়াৰ বোজা
কঢ়িয়াওতে যায় দিন দুৰলৈ
স্কুলৰ শেষত টিউচন কৰি
ঘুৰি আহি একো নাপাও বিছাৰি
হোমৱৰ্ক কৰি ভাগৰি
বিচনাৰ কোলাকেই লও সামৰি
আমি যেন যন্ত্ৰ
যন্ত্ৰ
একো একোটা যন্ত্ৰ
যন্ত্ৰ
আমি আমি যেন যন্ত্ৰ
যন্ত্ৰ
একো একোটা যন্ত্ৰ
যন্ত্ৰ

ৰাতিপুৱা সুই উঠি
চাহত সোহা মাৰি, পেপাৰ পঢ়ি
একেই খবৰ একেই চবি
একেই মৰা মৰি, ঠগা ঠগি
ন বজাত গা ধুই উঠি
পেট পুজা কৰি কাপোৰ পিন্ধি
অফিচ কৰি, দিনটো খাতি
আবেলি ঘুৰি আহো চুচৰি
আমি যেন যন্ত্ৰ...

ৰাতিপুৱা সুই উঠি
বাগানত মৰ্ণিং ৱক, হাতত কফি
এ চি গাড়ী, বিজনেচ কৰি
দুটামান চহি মাৰি হও চহকি
হয় গধুলি ক্লাবৰ সময়
হাতত হ্ৱিস্কি কাষত লোকৰ ঘৈণি
ৰঙা নীলা ৰঙৰ পোহৰ
ধলং পলং হৈ ঘৰ উভতি
আমি যেন যন্ত্ৰ...

ৰতিপুৱা সুই উঠি
হাত ধৰা ধৰি বুঢ়া বুঢ়ি
মাতিবলে কাৰো সময় নাই
চাহ টুপিলৈ থাকো আশ পালি
বুঢ়া বুঢ়িৰ বুজাবুজি
জীৱন যোৰা মৰম থাকো সাবতি
মায়া এৰি মোহ এৰি
এৰি অহা দিনৰ স্মৄতি সোৱৰি
আমি যেন যন্ত্ৰ

Khiriki Melote - Rumal - Zubeen Garg

খিৰিকি মেলোতেই চকুৰ পচাৰত
দেখিলো তোমাকে বেলিৰ পোহৰত
বিজুলি বিজুলি চকুৰ আঘাতত
বলিয়া হ’লো ম‍ই প্ৰেমৰ জোৱাৰত
জিয়াই জিয়াই মাৰিলা
হায় হায় হায় মাৰি দিলা
হায় হাই হায় কিনো লীলা
হায় হায় হায় কি কৰিলা
হায় হায় হায় খুলি খালা

পদুলি মূৰতে আবেলি আবেলি
কাৰ বাবে নো বাটে চোৱা
চোতাল সাৰোতে সকুৰ পাকেৰে
কিহৰ ইচাৰা দিয়া কোৱা
ভাবি ভাবি মোৰ পকিলে যে চুলি
সোনকালে মোক কোৱা খুলি
বুজি চোৱা মোক নকৰা ধেমালি
ন’হলে মৰিলো এবেলি
হায় হায় হায় মাৰি দিলা
হায় হাই হায় কিনো লীলা
হায় হায় হায় কি কৰিলা
হায় হায় হায় খুলি খালা

নদিৰ পাৰৰে পানচৈ ঘাটতে
একেলগে বহি সাধু সুনা
মাঘৰে মেজিতে হাত সেকি সেকি
কত ৰাতি গ’ল ভাবি চোৱা
নাহে জানো উৰি একোকে মনলে
কিয় নো পাহৰিলা তুমি কোৱা
দিহিঙে দিপাঙে তোমাকে বিছাৰি
মনে বিনাই আছে চোৱা
হায় হায় হায় মাৰি দিলা
হায় হাই হায় কিনো লীলা
হায় হায় হায় কি কৰিলা
হায় হায় হায় খুলি খালা

Wednesday, October 23, 2013

Manar Nijanat - Zubeen Garg

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ
হঠাতে সুকালে পোহৰৰ ফুলনি
নিলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰা

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

হৃদয়ে আবেগক নোৱাৰে সহিব
চকুলো বাগৰে নিৰৱে
কিমান সাৱতিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱাই
দুখৰ তৰা হৈ
নাচাবা চকুলে মোৰ
ওৰে নিশা
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

জীৱন সুৰভি তোমাৰ মাজতে
আছিলে অকলে নিৰৱে
সচা প্ৰেমৰো উশাহ আছিলে
অকলশৰিয়া বুকুতে
মৰুভুৰ মায়া হৈ
নাহিবা বুকুলে মোৰ
মিচাকৈয়ে
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাশ সানি লৈ...

Saturday, October 12, 2013

Pratham Dekhatei - Jitul Sonowal

প্ৰথম দেখাতেই ভাবিছিলো বহু কথা
ক’ম বুলি
ন’হল কোৱা
আজিও ন’হল কোৱা
এতিয়া যাবৰ হ’ল আপোন ঘৰলৈ
দুৰলৈ দুৰলৈ দুৰলৈ

পাও যদি কেতিয়াবা চিনাকি ঘাটত
ম‍ইতো নুফুলো আৰু তোমাৰ বনত
তোমাৰো যে নাথাকিব উৰণিয়া মন
মন মোৰ থাকি যাব সপোন ঘাটত
এতিয়া যোৱাগৈ আপোন ঘৰলৈ
দুৰলৈ দুৰলৈ দুৰলৈ

মনত পৰিবনে সোণালি দিনৰ
এটি দুটি বহু কথা নিজান পৰৰ
তোমাক যে পাইছিলো অচিন ঘাটত
দিছিলো যে থাই মোৰ হিয়াৰ মাজত
এতিয়া যোৱাগৈ আপোন ঘৰলৈ
দুৰলৈ দুৰলৈ দুৰলৈ

Sadiya - Zubeen Garg

বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলি ৰঙদৈৰ আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ সুনাহি
শদিয়া সাৱতি ঘুৰা লুইতৰ পাৰত
সময়ে থৈছিল লিখি
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি

ৰঙদৈ আছিলি মাচুৱৈ, লুইতৰ পাৰৰে ডেকা ত‍ই
চ’ৰাকৈ জাতৰে ৰাঙলিক হিয়াখন উজাৰি দিলি
মিলনৰ শতৰু এই সমাজে মিলিবলে নিদিছিলে এই মাতিতে
আপুনি চিতাতে জলিছিল ৰঙদৈ, ৰাঙলিক লুইতৰ কৰি থৈ
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি

সেয়া দূৰ কোনোবা পুৰণি ইতিহাসৰ পাত লুতিয়াও
প্ৰেমৰ অনুপম উপমা দেখি আৱেগত উজুতি খাও
হয়তো আকাশে ঠাই দিছে, সৰগত দুয়োটাৰ মন মিলিছে
আহিলে আহা মোৰ সৈতে শদিয়ালৈ যাও
ৰঙদৈ ৰাঙলিৰ সমাধি চাও
বুকুতে বুকুখন থৈ কোনে নো কান্দে
শদিয়াৰ কোলাতে বহি
ৰাঙলি ৰঙদৈৰ আধৰুৱা প্ৰেমৰ কথা
বান্ধৈ এবাৰ সুনাহি